ক’ভিডৰ ব্যাপক সংক্রমণক লৈ আমেৰিকাক কটাক্ষ চীনৰ

4JKB7272V5IXRJRFPV6MHIFNLE

কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰােধ ব্যর্থতাক লৈ আমেৰিকাক কঠোৰভাৱে সমালােচনা কৰিলে চীনে। চীনৰ তিনিটা বৃহৎ প্রতিষ্ঠানে এক যৌথ অধ্যয়নত কয় যে আমেৰিকা হৈছে প্ৰকৃততে এখন পৰাজিত দেশ আৰু কৰ’নাৰ প্রথম সংক্রমণ আমেৰিকাতে হােৱাৰ যথেষ্ট সন্দেহ আছে।

আমেৰিকাত কৰ’নাৰ প্ৰথম সংক্রমণ হােৱাৰ বিষয়ত আন্তর্জাতিক তদন্ত হােৱা উচিত বুলিও চীনে দাবী কৰিছে। চীনৰ বৈদেশিক মন্ত্রণালয়েও ক’ভিডৰ সংক্ৰমণৰ সন্দৰ্ভত একে মত প্ৰকাশ কৰিলে।

শেহতীয়াভাৱে আমেৰিকাত দৈনিক লক্ষাধিক লােক ক’ভিডত আক্রান্ত হােৱাক লৈও চীনে কটাক্ষ কৰি কয় যে এই ভাইৰাছৰ সংক্রমণ প্রতিৰােধৰ ক্ষেত্ৰত আমেৰিকা সম্পূর্ণ ব্যর্থ হৈছে। বিশ্বত নতুনকৈ কৰ’না বিয়পি পৰাৰ বাবেও আমেৰিকাকে দোষাৰােপ কৰিলে বেইজিঙে।

Exit mobile version