টকিঅ’ অলিম্পিকত পদক জয় কৰিব নোৱাৰি নিজকে মৃত যেন অনুভৱ হৈছেঃ বিনেশ ফোগট

vinesh phogat 1200

টকিঅ’ অলিম্পিকত পদকজয়ীসকলক লৈ উল্লাস কৰাৰ সময়তে অন্ধকাৰৰ গৃহ্বৰত বিনেশ ফোগট । কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয় ভাৰতীয় কুস্তিবীৰগৰাকী । একাধিক অভিযোগৰ ফলত তেওঁ বৰ্তমান নিৰ্বাসিত । অৱশেষত মুখ খুলিলে বিনেশে ।

এক সৰ্ব্বভাৰতীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত বিনেশে কয়, ‘এনে লাগিছে দুসপ্তাহ ধৰি শুই আছো । খালি খালি অনুভৱ হৈছে । বুজি পোৱা নাই মোৰ জীৱনত কিয় হৈ আছে । বিগত এসপ্তাহ ধৰি মোৰ মনত বহুত কিবাকিবি চলি আছে । দুভাগ হৈ গৈছে মোৰ হৃদয় । এবাৰ লাগে কুস্তিক ম‌ই মোৰ সকলো দি দিছো, এইটোৱে খেল ত্যাগ কৰাৰ সঠিক সময় । এবাৰ লাগে, সুযোগ আছে উভতাৰ । যুঁজ এৰি দিলে মোৰ আটাইতকৈ ডাঙৰ ক্ষতি হ’ব ।’

সম্প্ৰতি কুস্তি নহয়, পৰিয়ালৰ স’তে সময় অতিবাহিত কৰিব বিচাৰিছে বিনেশে । তেওঁ কয়, ‘বাহিৰৰ জগতৰ বাবে ম‌ই মৃত । তেওঁলোকে যি মন যায় তাকে লিখিছে । ভাৰতত যিমান সোনকালে নায়ক বনাই দিয়া হয়, সিমান সোনকালে তলতো নমাই দিয়া হয় । এটা পদক জয় কৰিব নোৱাৰিলেই সকলো শেষ ।’

কুস্তিত বিনেশৰ পৰা পদকৰ আশা আছিল ভাৰতৰ । কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হোৱাত এই আশা পূৰ্ণ নহয় । বিনেশে কয়, ‘কোনেও মোক সোধা নাই সেইদিনা কি হৈছিল । নিজৰ মতে ভাবি কথা কৈছে সকলোৱে । ম‌ই যুঁজিছিলো কি হৈছিল মই জানো । বাহিৰৰ মানুহে কি কৈছে ম‌ই সেইটো নাভাবো । কিন্তু তেওঁলোকে মোক ভাঙি পেলোৱাৰ চেষ্টা কৰিছে । অলিম্পিকত সকলোৱে চাপত থাকে । কিন্তু ম‌ই জানো কেনেদৰে সেই চাপ নিয়ন্ত্ৰণ কৰিব লাগে ।’

টকিঅ’ অলিম্পিকত যুঁজ দিবৰ বাবে প্ৰস্তুত আছিল বিনেশ । তেওঁ আৰু কয়, ‘ম‌ই নিজকে সকলো ধৰণে প্ৰস্তুত ৰাখিছিলো । ইলেক্ট্ৰল খাইছিলো । ছল্ট কেপচুল খাইছিলো । ২০১৭ত ম‌ই মূৰত দোষ পাইছিলো । তেতিয়াৰ পৰা ম‌ই মাজে মাজে অস্পষ্ট দেখো । মূৰত আঘাত পালে অসুবিধা হয় । তেনেকুৱাই কিবা হৈছিল সেই দিনাখন । হয়তো ৰক্তচাপ বাঢ়ি গৈছিল । হয়তো ওজন কমি গৈছিল । আগতেও ছল্ট কেপচুল গ্ৰহণ কৰিছো । কিন্তু টকিঅ’ত এইবোৰে কাম নকৰে ।’

Exit mobile version