জৰাজীৰ্ন অৱস্থাত বিন্যাছাৰা বিশুদ্ধ খোৱা পানী যোগান আচনি হাবি বনে আগুৰী ধৰিছে প্ৰকল্পটো

d0d6133e 75de 4a54 ba8d 536194b3f51c

জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কোকৰাঝাৰ জিলাৰ দোতমা সংমণ্ডলৰ অধিনত থকা বিন্যাছাৰা বিশুদ্ধ খোৱাপানী যোগান আচনিটো জৰাজীৰ্ণ অৱস্থাত পৰিণতত হৈছে ।

জনস্বাস্থ্য আৰু কাৰি কৰি বিভাগে সৰ্বসাধাৰনক বিশুদ্ধ খোৱা পানী যোগান দিবলৈ ২০০৯ -১০ চনতে বিন্যাছাৰা গাওত স্থাপন কৰা বিশুদ্ধ খোৱা পানী যোগান আচনিটোৰ পৰা আজিলৈকে গাওবাসীয়ে নাপালে এটোপাল বিশুদ্ধ খোৱা পানী ।

ইতিমধ্যে পানীযোগান আচনিটো হাবি বনে আগুৰী ধৰাৰ উপৰিও ধুমুহাত ঘৰসমুহৰ চালিৰ টিন পাতো ধুমুহাত উৰুৱাই লৈ গৈছে ।

সেই বাবে এই পানী যোগান আচনিটো সুচল কৰি তুলি অতি সোনকালে বিশুদ্ধ খোৱা পানী যোগান দিবলৈ চৰকাৰক দাবী জনাইছে গাওবাসীয়ে । আচনিটো কাৰ্যকৰী নোহোৱাৰ বাবে গাওবাসীয়ে জলজীৱন মিছন আচনিৰ পৰাও বঞ্চিত হৈছে বুলিও প্ৰকাশ কৰে । গাওখনত জলজীৱন মিছন আচনি সুবিধা সমুহ সঠিক ভাবে যোগান ধৰাৰো আহ্বান জনায় ।

Exit mobile version