‘সন্মানিত’,প্ৰতিৰক্ষা মন্ত্ৰীৰ স’তে সাক্ষাৎৰ পাছত কলে অজয়ে

ajay devgn rajnath

‘ভুজ: দ্য প্ৰাইড অফ ইণ্ডিয়া’ মুক্তি পাইছে । তাৰ আগতে ভাৰতৰ প্ৰতিৰক্ষামন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ ক্ৰিকে অভিনেতা অজয় দেৱগণে ।

১৯৭১ চনত ভাৰত-পাক যুদ্ধৰ সময়ৰ বিজয়ৰ কাহিনীত ভাৰতীয় ইতিহাসৰ সোণালী পৃষ্ঠাত পুনৰ উভতাই দিব এই ছবিখনে ।

অভিনেতাজনে তেওঁৰ ইনষ্টাগ্ৰামত ৰাজনাথ সিঙৰ স’তে এখন ফটো শ্বেয়াৰ কৰিছে আৰু তেওঁৰ অনুৰাগীসকলক কৈছে,কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁৰ নতুন ছবিৰ কিছু ক্লিপ চাইছে ।

অভিনেতাজনে ফটো খনত কেপিছন লিখিছে, “ভাৰতৰ মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিংজীক লগ পাই মই গৌৰৱান্বিত। তেওঁ ভুজ: দ্য প্ৰাইড অফ ইণ্ডিয়াৰ কিছুমান ক্লিপ দেখিছে। ৫০ বছৰ আগতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়। জয় হিন্দ। “

‘ভুজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া’ ভাৰতীয় বায়ু সেনাৰ স্কোয়াড্ৰন লিডাৰ বিজয় কাৰ্ণিকৰ যাত্ৰা আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত স্থানীয় গাওঁসমূহৰ ৩০০ গৰাকী মহিলাৰ সহায়ত আইএএফ এয়াৰবেছৰ পুনৰ নিৰ্মাণৰ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত।

Exit mobile version