ধুবুৰীৰ ভোলানাথ কলেজৰ মহাৰজত জয়ন্তী সমাৰোহ

বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে যথা সময়ত লোৱা হ'ব পদক্ষেপঃ মন্ত্ৰী দাস

WhatsApp Image 2021 08 16 at 4.35.33 PM

‘অতীত ৰোমন্থন কৰিলে আমি শক্তি আৰু সাহস পাওঁ ৷ সেয়ে আমি ভাল কামৰ অতীত ৰোমন্থন কৰিব লাগে ৷’ নামনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমাৰোহৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে এইদৰে কয় ৷

তেওঁ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ ইতিহাস বিবৰি কয়, ‘১৯৪৪ৰ ২৬ আগষ্টত অভিভক্ত গোৱালপাৰা জিলাৰ তদানীন্তন উপায়ুক্ত জহিৰুল হকৰ তৎপৰতাত অনুষ্ঠিত এখন সভাত এই মহাবিদ্যালয় স্থাপনৰ বীজ ৰোপন কৰা হৈছিল ৷ এই সভাৰ দুবছৰ পাছত অৰ্থাৎ ১৯৪৬ৰ ১৬ আগষ্টত মেছপাৰাৰ জমিদাৰ প্ৰয়াত জ্যোৎস্না নাথ চৌধুৰীয়ে আগবঢ়োৱা অৰ্থৰে তেওঁ দান কৰা ভূমিত মহাবিদ্যালয়খন প্ৰতিষ্ঠা হয় ৷ জ্যোৎস্না নাথ চৌধুৰীৰ পিতৃ ভোলানাথ চৌধুৰীৰ নামেৰে মহাবিদ্যালয়খনৰ নামকৰণ কৰা হয় ৷’

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে মহাৰজত জয়ন্তী উপলক্ষে ভোলানাথ কলেজলৈ অসম চৰকাৰৰ পৰা ৫০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে যথা সময়ত চেষ্টা কৰিব বুলিও আশ্বাস দিয়ে মন্ত্ৰী দাসে ৷ তেওঁ মহাবিদ্যালয়খনৰ উন্নয়ণৰ পৰিকল্পনা যুগুত আৰু বাস্তৱায়িত কৰাৰ বাবে কৰ্তৃপক্ষৰ লগত প্ৰতি দুমাহৰ অন্তত আলোচনা কৰিবলৈ ধুবুৰী জিলা উপায়ুক্তক পৰামৰ্শ দিয়ে ৷

৯০ৰ দশকত কেন্দ্ৰীয় চৰকাৰৰ তথ্য বিষয়া হিচাপে ধুবুৰীত কাৰ্যনিবাহ কৰা, পৰৱৰ্তী সময়ত বিজেপি দলৰ ধুবুৰী জিলাৰ তত্বাবধায়ক হিচাপে আৰু বৰ্তমান ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে ধুবুৰীৰ লগত থকা সম্পৰ্কৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে মন্ত্ৰী ৰণজিত কুমাৰ দাসে ৷ মহাৰজত জয়ন্তীৰ সমাবেশত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কলেজখনৰ নৱনিৰ্মিত তোৰণখন মুকলি কৰাৰ লগতে ভোলানাথ চৌধুৰীৰ এটা আৱক্ষ মুৰ্তিও উন্মোচন কৰে ৷

বিশিষ্ট শিল্পী লোকনাথ গোস্বামীৰ কথা আৰু সুৰেৰে প্ৰস্তুত কৰা ভোলানাথ মহাবিদ্যালয় সংগীতটো আৰু ‘ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়’ নামৰ মহাবিদ্যায়খনৰ ইতিহাস সম্বলিত গ্ৰন্থখনো মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে ৷ ক’ভিড বিধি মানি আয়োজন কৰা সভাখনত প্ৰাক্তন ছাত্ৰ তথা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন ছাত্ৰ তথা মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম, ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, প্ৰাক্তন ছাত্ৰ তথা সমাজকৰ্মী দেৱময় সন্যাল, মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱাশীষ ভট্টাচাৰ্য, ভোলানাথ চৌধুৰী পৰিয়ালৰ এগৰাকী সদস্য প্ৰমুখ্যে মহাবিদ্যালয়খনৰ বৰ্তমানৰ আৰু পূৰ্বৰ বহু শিক্ষক- শিক্ষয়িত্ৰী, শিক্ষাৰ্থী উপস্থিত থাকে ৷

সভাত ভাষণ প্ৰদান কৰি বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে মহাবিদ্যালয়খনৰ স’তে জড়িত তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰে আৰু মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে উদ্যোগ লবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনায় ৷

উপায়ুক্ত অন্বামুথন এম পিয়ে সভাত ভাষণ প্ৰদান কৰি কয় যে মহাবিদ্যালয়খনে নামনি অসমৰ এক বৃহৎ অঞ্চলত উচ্চ শিক্ষাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ কলেজখনৰ আন্তঃগাথঁনি উন্নয়ণৰ বাবে চৰকাৰে কৰা সহায়ৰ কথাও তেওঁ উল্লেখ কৰে ৷ সভাত মহাবিদ্যালয়খনৰ কে’বাজনো কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷

Exit mobile version