ক’ভিড বিধি পালনৰে দার্জিলিঙত পুনৰ চলিল ‘টয়ট্রেইন’

6369335922799839582y8mG2

কৰ’নাৰ সংক্রমণ অব্যাহত থকাৰ পাছতাে পর্যটক নগৰী দার্জিলিঙত পুনৰ চলাচল আৰম্ভ হ’ল টয়ট্ৰেইনৰ। উল্লেখ্য যে চাৰে তিনিমাহ পাছত দািিলঙত টয়ট্রেইন সেৱা পুনৰ মুকলি কৰা হৈছে।

অৱশ্যে সম্পূর্ণ ক’ভিড বিধি পালনৰে সোমাবাৰৰ পুৱাৰে পৰা পৰ্যটকৰ বাবে এইআকর্ষণীয় পুতলা ৰেলসেৱা আৰম্ভ হ’ল। দার্জিলিঙৰ পৰা ঘূমলৈ আৰু ঘূমৰ পৰা দার্জিলিঙলৈ মুঠ ছখন টয়ট্রেইন চলাচল কৰিব।

ইয়াৰে চাৰিখন ভাপ ইঞ্জিনৰ আৰু আন দুজন ডিজেল ইঞ্জিনৰ। ডিজেল ইঞ্জিনৰ প্রতি টিকটৰ মূল্য এহেজাৰ টকা আৰু ভাপ ইঞ্জিনৰ ৰেল প্রতি টিকটৰ মূল্য ডেৰ হেজাৰ টকা।

Exit mobile version