মেট্ৰিকৰ বিশেষ পৰীক্ষাৰ বাবে আবেদন ২১ হেজাৰৰ

148111 odisha summer vacationpti

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি নৱম-দশম শ্ৰেণীৰ নম্বৰ মূল্যায়ন পদ্ধতিৰে যোৱা ৩০ জুলাইত ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ ।

ক’ভিড পৰিস্থিতি কিছু উন্নত হ’লেও ৰাজ্যৰ বহু অঞ্চলত স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ আৰু সম্পূৰ্ণৰূপে আন্তঃজিলাৰ যাতায়ত খোলাৰ পাছতেই মেট্ৰিকৰ বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে সদৰী কৰিছে ।

উল্লেখ্য যে এই বিশেষ মেট্ৰিক পৰীক্ষাৰ অনলাইন আবেদন আজি অন্তিমটো দিন আৰু এতিয়ালৈকে প্ৰায় ২১ হেজাৰ পৰীক্ষাৰ্থীয়ে বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিছে বুলি ছেবাৰ কৰ্তৃপক্ষই সদৰী কৰিছে । যোৱা পাঁচ আগষ্টৰ পৰা আৰম্ভ হোৱা এই অনলাইন আবেদনৰ দিন কাইলৈ অৰ্থাৎ ১৮ আগষ্টলৈ বৃদ্ধি কৰা হৈছে বুলি ছেবা কৰ্তৃপক্ষই সদৰী কৰি কয় যে এতিয়ালৈকে এই বিশেষ পৰীক্ষাৰ বাবে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীসকলেহে আবেদন কৰা দেখিবলৈ পোৱা গৈছে ।

নম্বৰ মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰা ফলাফলত প্ৰায় ৩০ হেজাৰ শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছিল যদিও এই আটাইখিনিয়ে এতিয়ালৈকে আবেদন কৰা নাই বুলি প্ৰকাশ কৰিছে ।

Exit mobile version