ক’ভিডে বিধ্বস্ত কৰা মহানগৰীৰ হােটেল-ৰেস্তোৰাঁ উদ্যোগলৈ আন এক প্রত্যাহ্বান

জমেট’-ছুইগীয়ে লৈ যায় মূল্যৰ ৩২ শতাংশ

4ba9db0305e7094797629a540f0a043a

ৰাজ্যৰ নিৱনুৱা সংস্থাপনৰ প্ৰতি আশাৰ ৰেঙণি কঢ়িয়াই অনা তথা যুৱ প্ৰজন্মৰ হাতত ক্ৰমাৎ ঠন ধৰি উঠা ৰাজ্যৰ হােটেল-ৰেস্তোৰাঁ উদ্যোগটোক ক’ভিডে বিধ্বস্ত কৰি তােলাৰ পাছত এইবাৰ ই আন এক গুৰুতৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে। ক’ভিড সংক্রমণ ৰােধৰ বাবে বলৱৎ কৰা কঠোৰ নিদের্শনাসমূহৰ প্ৰভাৱত বেলি মাৰ যােৱাৰ উপশম হােৱা ৰাজ্যৰ এই উদ্যোগটো জীয়াই ৰাখিবলৈ চৰকাৰে অনলাইন ব্যৱস্থাৰে খাদ্য যােগানৰ অনুমতি প্রদান কৰিছিল।

এই অনলাইন খাদ্য যােগান ব্যৱস্থাৰ স’তে জড়িত প্রতিষ্ঠান জমেট’-ছুইগীয়ে ইয়াৰ সুযােগ গ্রহণ কৰি পূৰ্বৰ তুলনাত খাদ্য যােগানৰ কমিছন সর্বোচ্চ ৩২ শতাংশলৈ বৃদ্ধি কৰি হােটেল-ৰেস্তোৰাঁসমূহক মাধমাৰ দিয়াৰ অভিযােগ উত্থাপিত হৈছে। ইতিমধ্যে মহানগৰীৰ কেবাখনাে ৰেস্তোৰাই এনে কমিছনৰাজৰ বিৰােধিতা কৰি জমেট’-ছুইগীৰ সেৱা প্রত্যাহাৰ কৰিছে। এই সম্পৰ্কত সদৌ অসম ৰেষ্টুৰেণ্ট এছচিয়েছনৰ সভাপতি অতুল লহকৰে আজি প্ৰকাশ কৰে যে খাদ্যৰ অনলাইন হােম ডেলিভাৰীৰ বিপৰীতে জমেট’ আৰু ছুইগীৰ পূৰ্বৰ ২২-২৩ শতাংশ কমিছন এতিয়া সর্বোচ্চ ৩২ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

এই ব্যৱসায়ত জড়িতসকলক মাধমাৰ সােধাই অত্যধিক হাৰত বৃদ্ধি কৰা এই কমিছনৰ ফলত হােটেল-ৰেস্তোৰালৈ শেষত মাত্রা তিনি শতাংশ ধনহে ৰয় বুলি সদৰী কৰি সভাপতি লহকৰে এই সমগ্ৰ ব্যৱস্থাটোৰ সন্দৰ্ভত কয়, ‘জমেট’- ছুইগীৰ মুনাফাৰ কাৰণেহে এতিয়া হােটেল-ৰেস্তোৰাঁসমূহ খুলি থােৱাৰ নিচিনা হৈছে। খাদ্যৰ লগতে পেকেজিঙৰ মূল্য সাধাৰণতে হােটেল-ৰেস্তোৰাঁসমূহে লাভ কৰিব লাগে; কিন্তু মূল খাদ্যৰ উপৰি পেকেজিঙতাে জমেট’-ছুইগীয়ে কমিছন আদায় কৰে। পেকেজিঙৰ ওপৰতাে তেওঁলােকে কমিছন আদায়ৰ কৰা ফলত শেষত গৈ হােটেল-ৰেস্তোৰালৈ একোৱেই নাথাকে।

ফলত এই সমগ্ৰ ব্যৱস্থাৰ বিৰুদ্ধে শীঘ্ৰে সদৌ অসম ৰেষ্টুৰেণ্ট এছচিয়েছনে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে বিষয়টোত চৰকাৰক দৃষ্টি দিবলৈ আহ্বান জনায়। উল্লেখ্য যে পর্যটন উদ্যোগৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি যােৱা আঠ-নবছৰ প্ৰায় ১০ হেজাৰ বিভিন্ন প্ৰকাৰৰ হােটেল-ৰেস্তোৰ গঢ় লৈ উঠিছে। গুৱাহাটী মহানগৰীতে প্রায় ২২শ সৰু-বৰ হােটেল-ৰেস্তোৰাই প্ৰাণ পাই উঠিছে; কিন্তু ২০১৯ৰ নাগৰিকত্ব আইন বিৰােধী আন্দোলনৰ পৰা বৰ্তমানলৈকে অধিকাংশ সময়ে এই হােটেল-ৰেস্তোৰসমূহ বন্ধ হৈ থকাৰ ফলত ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন প্রায় ২০ শতাংশ হােটেল-ৰেস্তোৰ ইতিমধ্যে সম্পূর্ণরূপে বন্ধ হৈ পৰিছে।

এছ’চিয়েছনৰ তথ্য অনুসৰি, যুৱ প্ৰজন্মৰ হাতত ক্ৰমাৎ ঠন ধৰি উঠা এই উদ্যোগটোৰ জৰিয়তে প্রায় চাৰি-পাঁচ লাখ। নিবনুৱাৰ সংস্থাপনৰ পথ প্রশস্ত হৈ আহিছিল যদিও সম্প্রতি অধিকাংশই কর্মহীন হৈ পৰিছে। এই দিশসমূহ পর্যালােচনা কৰিয়েই চৰকাৰে হােম ডেলিভাৰী ব্যৱস্থাৰে হােটেল-ৰেস্তোৰাঁসমূহ খােলাৰ অনুমতি প্রদান কৰিছিল যদিও সম্প্রতি এই সেৱাৰ লগত জড়িত জমেট’-ছুইগীয়ে ব্যাপক হাৰত কমিছন বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত উদ্যোগটো জীয়াই ৰখাৰ ক্ষেত্ৰত আন এক প্রত্যাহ্বান আহি পৰিছে বুলি এছচিয়েছনে সদৰী কৰিছে।

এই সন্দৰ্ভত সভাপতি লহকৰে পুনৰ কয় যে অফলাইন। ব্যৱস্থা থকা হ’লে অনলাইন ব্যৱস্থাত কিছু পৰিমাণে লাভ হ’লহেঁতেন; কিন্তু সম্প্রতি অনলাইন সেৱা ব্যৱস্থাত অত্যধিক কমিছনৰ ফলত মালিকপক্ষৰ এটকাও লাভ হােৱা নাই। ৰেস্তোৰাঁৰ অনুমতি নােলােৱাকৈ অনলাইন সেৱা মাধ্যম বিশেষকৈ ছুইগী, জমেট’ৱে নিজাববীয়াকৈ সামগ্ৰীসমূহৰ ৰেহাই মূল্য নির্ধাৰণ কৰে বুলি অভিযােগ উত্থাপন কৰি লহকৰে কয়, ‘ৰেস্তোৰখনে বিলখন পােৱাৰ পাছতহে জমেট’-ছুইগীয়ে যে নিজাববীয়াকৈ ৰেহাই দিছে এই কথা জানিব পাৰি।

উল্লেখ্য যে অনলাইন সেৱা মাধ্যমসমূহৰ এনে মইমতালিৰ বাবেই মহানগৰীৰ কেবাখনাে আগশাৰীৰ হােটেল- ৰেস্তোৰাঁই জমেট’-ছুইগীৰ সেৱাক প্রত্যাখ্যান কৰিছে বুলি সভাপতি লহকৰে উল্লেখ কৰি এই ক্ষেত্ৰত চৰকাৰক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। খাদ্য যােগানৰ অনলাইন সেৱা মাধ্যমসমূহ অত্যধিক কমিছন আদায়ৰ ওপৰত নিয়ন্ত্রণ আনিবলৈ চৰকাৰক আহ্বান জনাই সংশ্লিষ্ট কর্তৃপক্ষ, হােটেল-ৰেস্তোৰাঁ আৰু অনলাইন হােম ডেলিভাৰী সেৱাসমূহৰ মাজত এখন ত্রিপাক্ষিক আলােচনাৰ প্ৰয়ােজন হৈ পৰিছে বুলি সভাপতি লহকৰে মত ব্যক্ত কৰে। উল্লেখ্য যে জমেট’-ছুইগীৰ কমিছন বৃদ্ধিৰ সন্দৰ্ভত সর্বভাৰতীয় ৰেস্তোৰাঁ এছ’চিয়েছনেও ইতিমধ্যে প্রতিবাদ সাব্যস্ত কৰি বহুতে এই সেৱাক প্রত্যাখ্যান কৰিছে।

Exit mobile version