যােৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা পুনেত মুকলি কৰা হ’ল প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক উৎসর্গা কৰি প্রতিষ্ঠা কৰা এটা মন্দিৰৰ।
পুনেৰ বাসিন্দা বিজেপিৰ কর্মী ময়ুৰে মােদীৰ নামত উৎসর্গা কৰি এটা মন্দিৰ নির্মাণ কৰে। পুনেৰ আউন্ধ অঞ্চলত পথৰ কাষত নির্মাণ কৰা এই মন্দিৰত প্রধানমন্ত্রী মােদীৰ এটা আৱক্ষ মূর্তি আছে।
ডেৰ লাখ টকা ব্যয়ৰে ছমাহৰ ভিতৰত মন্দিৰটো নিৰ্মাণ কৰা হ’ল। মন্দিৰটোৰ নিৰ্মাণৰ সন্দৰ্ভত ময়ূৰে কয়, ‘প্রধানমন্ত্রী হােৱাৰ পাছত একাধিক উন্নয়নমূলক কাম-কাজ সম্পন্ন কৰিলে নৰেন্দ্ৰ মােদীয়ে।
মই ভাবাে তেওঁ ৰাম মন্দিৰ নিৰ্মাণত যিদৰে তৎপৰ হৈছিল, সেয়া আছিল ঈশ্বৰস্বৰূপ। সেয়েহে তেওঁৰ নামত মন্দিৰ নিৰ্মাণ কৰিলাে পূজা-অর্চনাৰ বাবে।’