প্ৰথম ফতোয়া ! লৰা ছোৱালী একে লগে লিখা পঢ়া নিষিদ্ধ ঘোষণা কৰিলে তালিবানে

000 9L99RN

চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় ,কলেজ আৰু বিশ্ববিদ্যালয়ত একে লগে পঢ়া শুনা কৰিব নোৱাৰিব ল’ৰা আৰু ছোৱালীয়ে । যোৱা দেওবাৰে আফগানিস্তানৰ দখল নিশ্চিত কৰাৰ পাছত হেৰাটত প্ৰথম ফতোয়া জাৰি কৰিছিল তালিবানে ।

সংবাদ সংস্থাসমূহে জনোৱা অনুসৰি শনিবাৰে প্ৰদেশৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ স’তে আলোচনাৰ পাছত এই সিদ্ধান্ত লোৱা হয়।

হেৰাট প্ৰদেশৰ ৰাজহুৱা আৰু ব্যক্তিগত বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠানৰ অধ্যাপকসকলৰ স’তে তিনি ঘণ্টাৰ বৈঠকৰ পাছত তালিবান নেতা মোল্লা ফৰিদে কয়,

“সমাজত পতনৰ মূল কাৰণ হৈছে লৰা ছোৱালীৰ একে লগে শিক্ষা লোৱা। ইয়াৰ কোনো বিকল্প উপায় নাই। লৰা ছোৱালীৰ একেলগে পঢ়া শুনা বন্ধ কৰিব লাগিব। মহিলা অধ্যাপকসকলে কেৱল ছোৱালীহে পঢ়াব পাৰিব। ”

২০০১ চনত তালিবান শাসনৰ প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পাছত, যোৱা দুটা দশক ধৰি আফগানিস্তানত ছাত্ৰ ছাত্ৰী একেলগে পঢ়া শুনা বা ‘কোএডুকেচন’ শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছিল সকলো শিক্ষানুষ্ঠানত ।

আফগানিস্তানৰ তালিবানৰ শাসন উভতি অহাৰ লগে লগে হেৰাটত পুনৰ পুৰণি নীতি প্ৰৱৰ্তন কৰা হয়। তালিবান নেতৃত্বৰ সিদ্ধান্তই চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে বিশেষ সমস্যাৰ সৃষ্টি নকৰিব, কিন্তু ব্যক্তিগত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ প্ৰভাৱিত হ’ব, সেই দেশৰ শিক্ষাবিদসকলেও প্ৰভাৱিত হ’ব।

Exit mobile version