স্বাধীনতাৰ ৭৫ বছৰ পাছতো বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত উত্তৰ শংকৰ পাৰা গাঁও

উত্তৰ শংকৰ পাৰা গাওত অতি সোনকালে বিদ্যুৎ সংযোগ আৰু ৰাস্তা নিৰ্মানৰ দাবী গাঁওবাসীৰ

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম বিদ্যুৎ সংমণ্ডলৰ অধিন উত্তৰ শংকৰপাৰা গাওঁত ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ পাছতো আজিলৈকে বিদ্যুৎ সংযোগ নোহোৱাত কেৰাচিনৰ চাকিৰে দিন কটাবলগীয়া হৈছে গাওবাসীয়ে ।

গাঁওখনত যাতায়তৰ বাবেও নাই ভাল ৰাস্তা । গাঁওখনত ২০-২৫ ঘৰ লোক বিদ্যুৎ সংযোগৰ পৰা আজিও বঞ্চিত । সেই বাবে গাঁওবাসীয়ে বিদ্যুৎবিভাগৰ লগতে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়কৰ লগতো যোগাযোগ কৰিছে গাঁওখনত বিদ্যুৎ সংযোগ আৰু ৰাস্তা নিৰ্মানৰ বাবে কিন্তু আজিলৈকে কোনোধৰনৰ সুফল লাভ কৰা নাই ।

গাঁওবাসীয়ে জনোৱা অনুসৰি গাঁওখনত বিদ্যুৎ সংযোগ নথকাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল চৰম অসুবিধাৰ সন্মুখীন হৈছে কাৰন এতিয়া অনলাইন ক্লাচ হয়, তেনে সময়ত মোবাইল সমুহ চাৰ্চ নাথাকিলে অসুবিধাৰ সন্মুখীন হবলগীয়া হয় ।

সেইবাবে গাওবাসীয়ে অলপ দিনৰ ভিতৰতে বিদ্যুৎ সংযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে গাঁওখনত ৰাস্তাও নিৰ্মান কৰিবলৈ বিজেপি নেতৃত্বাধীন মিত্ৰ জোটৰ চৰকাৰ খনক দাবী জনাইছে ।

Exit mobile version