★নিতৌ একোটা কল খাব লাগে। কাৰণ নিয়মীয়াকৈ কল খালে তেজত ইউৰিক এচিডৰ পৰিমাণ হ্রাস কৰে। ইয়াত প্রকৃতিগতভাৱে পিউৰিণ কম পৰিমাণে থাকে। খাদ্য গ্রহণৰ সময়ত যদি খাদ্যবিত পিউৰিণৰ পৰিমাণ। বেছি থাকে তেতিয়াহ’লে ইউৰিক এচিড বৃদ্ধিৰ আশংকা থাকে। পিউৰিণ ভাঙি ইউৰিক এচিডলৈ পর্যবসিত হয়। কলত পিউৰিণ কম থাকে বাবে ‘গাউট এটেক’ৰ আশংকাও নাথাকে।
★ আপেল খালেও ইউৰিক এচিড বৃদ্ধি নাপায়। কাৰণ এইবিধ ফলত প্ৰচুৰ পৰিমাণে ডায়েটাৰী ফাইবাৰ থাকে। এনে ফাইবাৰে ইউৰিক এচিড হ্ৰাসত সহায় কৰে। ফাইবাৰে তেজৰ পৰা ইউৰিক এচিড উলিয়াই দিয়ে আৰু শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত সহায় কৰে। আনহাতে, আপেলত থকা মেলিক এচিডে ইউৰিক এচিডৰ আক্রমণ নােহােৱা কৰে।
★ এনে ৰােগীয়ে নিশ্চিন্তে চেৰী খাব পাৰে। এইবিধ ফলত থকা এন্টোচায়ানিমে প্রকৃতিগতভাৱে থকা উপাদানৰ বাবে ইউৰিক এচিড হ্রাস
কৰে।
★ নেমু টেঙা, কমলা টেঙাত থকা প্ৰচুৰ ‘চি’ ভিটামিন আদিয়ে ইউৰিক এচিড হ্ৰাস কৰিব পাৰে। তেজত থকা অতিৰিক্ত ইউৰিক এচিড শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।
★ শেহতীয়াভাৱে কিছুমান গৱেষণাত ‘গ্রীণ টি’ত থকা বিভিন্ন উপাদানে ইউৰিক এচিড হ্রাস কৰে বুলি প্রমাণিত হৈছে।