বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি) স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্র-ছাত্রীৰ বাবে এক গুৰুত্বপূৰ্ণ ঘােষণা কৰিলে। এতিয়াৰে পৰা স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা সকলাে ছাত্র-ছাত্রীয়ে মাহে এহেজাৰ টকাৰ ছাত্ৰবৃত্তি লাভ কৰিব।
সমাজৰ বঞ্চিত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্রয়ােজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে এই আঁচনি যুগুত কৰিছে। এই আঁচনিখনৰ সুবিধা বিশ্ববিদ্যালয়, মহাবিদ্যালয় অভিযান্ত্রিক, কাৰিকৰী, প্ৰৱন্ধন, ফার্মাচি আৰু চিকিৎসা বিজ্ঞানসহ আন সকলাে পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীয়ে স্নাতকোত্তৰ পৰ্যায়ত লাভ কৰিব।অৱশ্যে মুক্ত শিক্ষা পদ্ধতিৰে অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ নকৰিব।