অযোধ্যা ভ্ৰমণত ৰাষ্ট্ৰপতি, পূজা দিব নিৰ্মীয়মাণ ৰাম মন্দিৰত

photo 1624820365

চলিত মাহৰ ২৬ৰ পৰা ২৯ তাৰিখৰলৈকে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিবলৈ যাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। যোগীৰাজ্যৰ তিনিখন চহৰ লক্ষ্ণৌ, গোৰখপুৰ আৰু অযোধ্যাৰ ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে। তেওঁ ২৯ তাৰিখে অযোধ্যাত নিৰ্মীয়মাণ ৰাম মন্দিৰ দৰ্শন কৰিব আৰু পূজা প্ৰাৰ্থনা কৰিব ।

সূত্ৰসমূহে কয় যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সেইদিনা অযোধ্যাত কে’বাটাও প্ৰকল্প আৰম্ভ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে তুলসী স্মাৰক ভৱন, চহৰৰ বাছ ষ্টেণ্ট আৰু অযোধ্যা ধামৰ উন্নয়নৰ বাবে এটা নতুন প্ৰকল্প আৰম্ভ কৰিব।

ইফালে, তাৰ পূৰ্বে ২৬ আৰু ২৭ তাৰিখে লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ সপূৰ্ণানন্দৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈ দুটা সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

তথ্য অনুসৰি ২৮ তাৰিখে গোৰখপুৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় উদ্বোধন কৰিব কোবিন্দে । ইয়াৰ আগে ৰাষ্ট্ৰপতিগৰাকীয়ে জুন মাহত কানপুৰৰ নিজৰ গাঁও ভ্ৰমণৰ বাবে গৈছিল ।

Exit mobile version