কলগাছিয়াত সুকাবহ দুৰ্ঘটনা, পানীত পৰি মৃত্যু শিশুৰ

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰীৰ কয়াকুছি গাঁৱৰ আজিম উদ্দিনৰ পুত্ৰী আফ্ৰিন জান্নাতে (৬) কালি পুৱা ন বজাত পানীত পৰি কৰুণ মৃত্যুক আঁকোৱালী লয়‌।

ফুলকমলীয়া আফ্ৰিন জান্নাতে এটা কালভাৰ্ডৰ পৰা পানীত পৰি নিৰুদ্দেশ হোৱাৰ পাছত মইনবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ খবৰৰ ভিত্তিত বৰপেটা এছ ডি আৰ এফ বাহিনীয়ে ঘটনাস্থলিত উপস্থিত হৈ বিচাৰ কৰে যদিও ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম নহয়।

আজি পুৱা পানীত ওপঙি উঠাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ কৰে। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ মইনবৰী অঞ্চলতে শোঁকৰ ছাঁ পেলাইছে।

Exit mobile version