যি সময়ত আফগানিস্তানত মহিলা সকলে বোৰ্খা পিন্ধা আৰম্ভ কৰিছে সেই সময়ত অসমৰ যুৱতীয়ে টেক্টৰ চলাই খেতি পথাৰত কৃষি কৰ্মৰ বাৱে আগবাঢ়িছে ৷ কৃষি কৰ্মৰ বাবে সাজুহোৱা তেনে এটি যুৱতীৰ দল শুক্ৰবাৰে উপস্থিত হয়হি চতিয়া সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত ৷
ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ পৰা এইদৰে একাংশ যুৱতীয়ে টেক্টৰ লৈ ছিপাঝাৰৰ গৰুখুটীলৈ বুলি ৰাওনা হৈছে ৷ উদ্দেশ্য ছিপাঝাৰৰ গৰুখুটী প্ৰকল্পত মাটি চহাই খেতি কৰিব এই সকল যুৱতীয়ে ৷
ছিপাঝাৰৰ এই সকল যুৱতীক বিশ্বনাথ চাৰিআলিৰ মেচিনাৰী ফ্ৰামত ট্ৰেক্টৰৰ লগতে বিভিন্ন মেচিনেৰী সামগ্ৰীৰ প্ৰশিক্ষণ দিয়াই কৃষি কৰ্মৰ বাৱে সাজু কৰি তুলিছে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
শুক্ৰবাৰে প্ৰশিক্ষিত মহিলা সকলক ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত ৰাজহুৱা সম্বৰ্দ্ধনা জনাই গৰুখুটিলৈ প্ৰেৰণ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সম্বৰ্দ্ধনা জ্ঞাপনৰ উদ্দেশ্যৰে নাগশংকৰ মন্দিৰৰ সামুহিক ভৱনত অনুষ্ঠিত ৰাজহুৱা সভাত বিধায়ক পদ্ম হাজৰিকাই কয় ৰাজ্যৰ মহিলা সকলৰ কাৰণে এইয়া শুভ লক্ষণ ৷
পুৰুষৰ সমানে কৃষি কৰ্মত মনোনিৱেশৰ বাৱে আগবাঢ়ি আহিছে অসমীয়া মহিলা যুৱতী ৷ তেওঁ লগতে কয় যে বহিঃৰাজ্যত গৈ অসমৰ যুৱক যুৱতী সকলে এতিয়াৰে পৰা হাবু -ডাবু খাৱগৈ নালাগে ৷
অহা ডেৰ মাহত গৰুখুটীত দহ হেজাৰ বিঘা মাটি আমি কৃষি কৰ্মৰ বাৱে সাজু কৰিম ৷ গৰুখুটীত উৎপাদিত কৃষি সামগ্ৰীয়ে অসমৰ বজাৰ দখল কৰাটো নিশ্চিত ৷ বিশেষকৈ ৰাজ্যৰ মাছ,গাখীৰ,মাংসৰ বজাৰখন দখলৰ আমি পৰিকল্পনা লৈছো ৷
গৰুখুটী অসমৰ কৰ্ম সংস্কৃতিৰ এক নিদৰ্শন হ’ব বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে ভাষণ প্ৰসঙ্গঁত কয়-দ্বিতীয় কন্যকা হিচাপে পৰিগণিত হব গৰুখুটী প্ৰকল্প ৷ ইতিমধ্যে কন্যকাই সমগ্ৰ ৰাজ্যত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে ইয়াৰ কৃষি সামগ্ৰীয়ে অসমৰ বিভিন্ন বজাৰত ইতিমধ্যে সমাদৰ লাভ কৰিছে ৷
উল্লেখ্য যে গৰুখুটীৰ একাংশ মহিলাৰ লগতে ভালেকেইগৰাকী যুৱককো বিশ্বনাথ চাৰিআলিৰ মেচিনেৰী ফ্ৰামত কৃষিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷