অন্ধকাৰ ভৱিষ্যতৰ শংকাত দেশ ত্যাগ কৰিলে আফগান মহিলা ফুটবল খেলুৱৈয়ে

fanoos basir former afghan woman footballer 1630411518321 1630411518549

তালিবান শাসনত ফুটবল খেলাতো বাদেই, নিজৰ প্রাণক লৈয়ে সংশয়ত আছিল আফগানিস্তানৰ মহিলা ফুটবল দলৰ সদস্যসকল । সেয়ে নিজক ৰক্ষা কৰিবলৈ লুকাই ফ্রান্সলৈ গ’ল ফানুছ বছিৰ । ফুটবলৰ বিষয়ে ভাবিলেই তেওঁৰ মন গধুৰ হৈ পৰে । নতুন দেশত শূন্যৰ পৰা জীৱন আৰম্ভ কৰিব বিচাৰে ফানুছে ।

আফগানিস্তানৰ ফুটবলক লৈ অনিশ্চয়তাৰ বিষয়ে ফানুছে কয়, ‘‘আফগানিস্তানৰ মহিলাসকলক লৈ বহু সপোন আছিল । সকলো শেষ হৈ গ’ল । সকলো সপোন দুঃস্বপ্নত পৰিণত হ’ল । আফগানিস্তানত মহিলাসকলৰ কোনো ভৱিষ্যৎ নাই । সকলো তালিবানে দখল কৰিব ।’’

তালিবানে আফগানিস্তান দখল কৰাৰ পাছৰ পৰাই ঘৰৰ পৰা বাহিৰত ওলোৱা বন্ধ হৈ পৰিছে ফানুছৰ । সেয়ে আশংকাত তেওঁ পিতৃ-মাতৃৰ স’তে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু তাতো বিপত্তি । কাবুল বিমানবন্দৰৰ বাহিৰত তিনদিন আৱদ্ধ হৈ থাকিবলগীয়া হয় তেওঁলোকে । মানুহৰ ভিৰৰ মাজতেই গুলি চালনা কৰে তালিবানে । তাত তেওঁলোকৰ এজন প্রতিনিধিৰ স’তে কথা পাতিবলৈ গৈছিল ফানুছ । মহিলা হোৱাৰ বাবে তেওঁৰ স’তে কথা পাতিব নিবিচাৰে আফগানিস্তানৰ বর্তমান শাসক গোষ্ঠীৰ সেই প্রতিনিধিয়ে ।

বিমানবন্দৰৰ বাহিৰত থাকোতে থাকোতে এটা সময়ত দেশ ত্যাগ কৰাৰ আশা প্রায় বাদেই দিছিল ফানুছে । সেই সময়ত ফৰাচী দূতাবাসৰ পৰা ঘোষণা কৰা হয়, বিমানবন্দৰত যাবৰ বাবে বাছৰ ব্যৱস্থা কৰা হ’ব । তাৰ পৰা ফ্রান্সৰ বিমান এৰা হ’ব । এই সুযোগ হেৰুৱাব নিবিচাৰে ফানুছে । পিতৃ-মাতৃক লৈ ফ্রান্সত গুচি যায় আফগান ফুটবলাৰ ।

স্বদেশত চিভিল ইঞ্জিনিয়াৰ আছিল ফানুছ । ফ্রান্সলৈ গৈ নতুন চাকৰিৰ সন্ধান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ফানুছে । কিন্তু এতিয়াও স্বদেশৰ ভয়াবহ অৱস্থাৰ কথা মনত পৰিলেই তেওঁৰ গা কঁপি উঠে । এই পৰ্যন্ত তেওঁ আতংকিত হৈ আছে । শূন্যৰ পৰা সকলো আৰম্ভ কৰিব বিচাৰে আফগান ফুটবলাৰগৰাকীয়ে । তেওঁ কয়, ‘‘আমাৰ দেশ, আমাৰ সপোন সকলো পাহৰি যোৱা অতি কঠিন । এতিয়া শূন্যৰ পৰা সকলো আৰম্ভ কৰিম ।’’

Exit mobile version