কলগাছিয়াৰ জনতা গাঁও পঞ্চায়তত পোষণ মাহ পালন

WhatsApp Image 2021 09 01 at 7.48.52 PM

বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তগৰ্ত জনতা আৰু ৰুভি সোণাপুৰ গাঁও পঞ্চায়তত আজি দিনজোৰা কাৰ্যসূচীৰে পোষণ মাহ উপলক্ষে এখন শোভাযাত্ৰাৰ আয়োজন কৰা হয় ।

উক্ত শোভাযাত্ৰাত সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেবিকাসহ কে’বা শতাধিক অংগনৱাড়ী কৰ্মী সহায়িকা উপস্থিত থাকি বাল্যবিবাহ বন্ধ কৰক, গৰ্ভৱতী মহিলাৰ পাঁচ হেজাৰ টকা পোৱাৰ ব্যৱস্থা কৰক, শিশুৰ পুষ্টিকৰ আহাৰ যোগান ধৰক আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে শোভাযাত্ৰা সামৰণি মাৰে ।

উল্লেখযোগ্য যে এই পোষণ মাহ এক ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ চলিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

Exit mobile version