আগন্তুক উপ নিৰ্বাচনত ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব অসম জাতীয় পৰিষদ দলে

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ উপ নিৰ্বাচনত ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি দলৰ যুটীয়া সম্পাদক প্ৰিন্স ফাইজুল হকে আজি অনুষ্ঠিত এক দলীয় সভাত প্ৰকাশ কৰে ৷ উল্লেখ্য যে উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি আজি গোসাঁইগাঁও সদৰ চহৰস্থিত কমল নাথ ক্লাৱ প্ৰাংগনত অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত সমাগত উপ নিৰ্বাচনক লৈ এটি পৰ্যবেক্ষণ সভা অনুষ্ঠিত হয় ।

গোসাঁইগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত পৰ্যবেক্ষণ সভাত জিলা সমিতিৰ নেতা-কৰ্মীৰ লগতে দলটোৰ সমৰ্থকসকল উপস্থিত থাকে ৷ উক্ত সভাতেই কেন্দ্ৰীয় যুটীয়া সম্পাদক প্ৰিন্স ফাইজুৰ হকে সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি কয় যে বিজেপিৰ বিৰুদ্ধে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ যদি কৰা নহয় যেন্তে অসম জাতীয় পৰিষদে গোসাঁইগাঁও সমষ্টিত নিজা প্ৰাৰ্থী দিয়াটো নিশ্চিত । কিয়নো অসম জাতীয় দলৰ প্ৰতি সমষ্টিটোৰ ৰাইজৰ যথেষ্ট সমৰ্থন আছে ৷

তেওঁ উল্লেখ কৰে যে সাম্প্ৰতিক চৰকাৰৰ বিগত এশ দিনৰ কাৰ্যাৱলীত স্পষ্ট হৈছে যে চৰকাৰৰ কোনো স্থিতি নোহোৱা হৈছে যাৰ বাবেই ৰাইজে নতুন সমীকৰণ বিচাৰিছে । অসমত ছটা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ’ব যাৰ ভিতৰত চাৰিটা সমষ্টিত অসম জাতীয় পৰিষদে প্ৰাৰ্থীত্ব দিয়াৰ চিন্তা চৰ্চা কৰি আছে বুলি দলটোৰ জ্যেষ্ঠ নেতাগৰাকীয়ে প্ৰকাশ কৰে । যাৰ ভিতৰত গোসাঁইগাঁও সমষ্টিটো আছে বাবেই সংগঠনৰ ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যৰে সমষ্টিত উপস্থিত হৈ কৰ্মী-সমৰ্থক তথা সাধাৰণ ৰাইজৰ লগত বাৰ্তালাপ কৰি আছে বুলি যুটীয়া সম্পাদকগৰাকীয়ে প্ৰকাশ কৰে ।

Exit mobile version