প্ৰধান শিক্ষকৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰ কৰাৰ বিৰুদ্ধে প্ৰধান শিক্ষকৰ সংবাদমেল

ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত চৰবালা গাওঁ ১৩৮৫ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হালিমে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হানিফ আলীৰ বিৰুদ্ধে আজি কলগাছিয়াত এখন সংবাদমেল সম্বোধন কৰি কে’বাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে।

প্ৰধান শিক্ষক গৰাকীয়ে উত্থাপন কৰা অভিযোগ মতে ,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন, পোছাক বিতৰণ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধনৰ পৰা ৫০ হেজাৰ টকা কমিচন বিচাৰিছিল।

সভাপতি হানিফ আলীক উক্ত ৫০ হেজাৰ টকা দিয়াত অমান্তি হোৱাৰ বাবেই প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুই এখন বাতৰি কাকত আৰু সামাজিক মাধ্যমত অপপ্ৰচাৰ কৰাৰ বিৰুদ্ধে প্ৰধান শিক্ষক গৰাকীয়ে এই সংবাদমেল সম্বোধন কৰে।

সভাপতি হানিফ আলীৰ কে’বামাহ পূৰ্বে কাৰ্যকাল সমাপ্ত হোৱাৰ পাছতো নতুন কমিটি গঠন নকৰি অনৈতিক ভাৱে সভাপতিৰ পদ খামোচ মাৰি ধৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে।

ইপিনে প্ৰমাণ পত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলি উত্থাপন হোৱা অভিযোগ খণ্ডন কৰি প্ৰধান শিক্ষক গৰাকীয়ে কয় যে, ভূয়া প্ৰমাণ পত্ৰ নিদিয়াৰ বাবে শিক্ষক গৰাকীৰ বিৰুদ্ধে এনে ভিত্তিহীন আৰু মনে সজা অভিযোগ আনিছে।

Exit mobile version