পূৰ্বেই সংগীত বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল । সেয়ে সংগীত বিদ্যালয়সমূহো বন্ধ কৰি দিয়া হৈছিল । লগতে, মহিলাসকল ঘৰৰ পৰা বাহিৰত ওলোৱাক লৈও নানান বিধিনিষেধ জাৰি কৰা হৈছিল । তালিবানে কাবুল দখল কৰাৰ পাছত সেই ‘নিয়ম’ মতেই স্তব্ধ হৈ পৰিছে আফগান মহিলাসকলৰ জনপ্রিয় অর্কেষ্ট্ৰা দল ‘জোহৰা’ ।
কাবুলৰ এখন অনাথ আশ্রমৰ বাসিন্দা ১৩-২০ বছৰীয়া কিশোৰী আৰু যুৱতীসকলক লৈ ফাৰচী সংগীতৰ দেৱীৰ নামত গঠন কৰা হৈছিল অর্কেষ্ট্ৰা দলটো । দলটোৰ সঞ্চালিকা ২৪ বছৰীয়া নেগিন খপ্লক । সনাতন আফগানিৰ লগতে পশ্চিমীয়া সংগীতো পৰিবেশন কৰিছিল ‘জোহৰা’ই । ছিডি্নিৰ অপেৰা হাউচৰ পৰা দাভোছে ‘ৱর্ল্ড ইক’নমিক ফ’ৰাম’-এক অধিবেশনত, বিশ্বৰ নানা প্রান্তত সংগীত পৰিবেশন কৰিছিল দলৰ সদস্যাসকলে । বহু প্রশংসা আৰু সম্মানো লাভ কৰিছিল । কিন্তু এই সকলোবোৰ এতিয়া অতিত ।
কাবুলত তালিবানে শাসন কৰাৰ পাছত আমেৰিকাত আশ্রয় লৈছে নেগিনে । দেশ ত্যাগ কৰাৰ আগতে ২০১৪ ত গঠন কৰা ‘জোহৰা’ৰ সকলো ইতিহাস ধ্বংস কৰি পেলায় । ছবি আৰু সংবাদপত্রত প্রকাশিত খবৰবোৰ জ্বলাই দিছে । তালিবানে যাতে সহজে অর্কেষ্ট্ৰাৰ সদস্যাসকলক চিহ্নিত কৰিব নোৱাৰে, তাৰ বাবেই এই সাৱধানতা ।
নেগিনে কয়, ‘‘মহিলাসকলৰ প্রায় সকলো স্বাধীনতাটো নোহোৱাই হৈ গ’ল । ৰাস্তাত ওলালে এতিয়া বোৰ্খা পৰিধান কৰিবই লাগিব । লগত কোনো পুৰুষ থাকিবই লাগিব । মহিলাসকলৰ সংগীত চর্চাটো বহুত দূৰৰ প্রশ্ন ।’’
কাবুলৰ ‘নেচনেল ইনষ্টিটিউট অৱ মিউজিক’ (এএনআইএম)ত নিয়মিত দেখিবলৈ পোৱা গৈছিল ‘জোহৰা’ক । নেগিনে জনায়, আফগানিস্তানৰ বিভিন্ন প্রান্তৰ পৰা বহু শিল্পী আহিছিল প্ৰশিক্ষণ ল’বলৈ । গোটেই দিন সংগীতত মুখৰিত হৈ আছিল এএনআইএম । কিন্তু তালিবানৰ নির্দেশত বন্ধ হৈ পৰিল সেই প্রতিষ্ঠান । বহু বাদ্যযন্ত্রও ভাঙি পেলোৱা হৈছে ।
কাবুল দখলৰ পাছত প্রথম সাংবাদিক বৈঠকত তালিবানৰ মুখপাত্র জবিউল্লা মুজাহিদে জনায়, ২০২১ৰ পৰা পৰিৱর্তিত শাসনভাৰ ল’ব আফগানিস্তানে । দুদশক আগৰ অৱস্থানৰ পৰা তালিবান বহু পৰিৱৰ্তন হৈছে বুলিও তেওঁ দাবী কৰিছিল । তালিবান সাংস্কৃতিক সংগঠনৰ প্রধান এমানুল্লাহ সামাগনিয়ে কয়, ‘‘যদি মহিলাসকলে চৰকাৰ তথা কর্মক্ষেত্রত অংশ গ্ৰহণ কৰিব বিচাৰে তেওঁকক স্বাগত ।’’
অৱশ্যে এই আশ্বাসত ভৰসা কৰিব পৰা নাই নেগিনে । কাৰণ, তালিবানেৰ ‘শ্বৰিয়তি ব্যাখ্যা’ত সংগীতৰ পথ যে ৰুদ্ধ, সেই বিষয়ত তেওঁ নিশ্চিত আছিল ।