ক’ভিডৰ দৰে কঠিন সময়ত শিক্ষকসকলে শিক্ষা প্ৰদানত যি ভূমিকা গ্ৰহণ কৰিছে সেইয়া সঁচাকৈয়ে প্ৰশংসনীয় । আজি শিক্ষক দিৱস উপলক্ষে এই কথা কলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে,প্ৰাক্তন ৰাষ্ট্ৰপতি এছ ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যাক শিক্ষক দিৱস হিচাপে পালন কৰা হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে টুইট যোগে কয়, “শিক্ষক দিৱস উপলক্ষে সমগ্ৰ শিক্ষক সমাজক শুভেচ্ছা জনাইছো, যিয়ে সদায় যুৱ মনক লালন-পালন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ লগতে কয়, “শিক্ষকসকলে ক’ভিডৰ সময়ত শিক্ষাৰ্থীসকলক যিধৰণে শিক্ষা প্ৰদান অব্যাহত ৰাখিছে সেয়া প্ৰশংসনীয় ।”
মন্ত্রীগৰাকীয়ে অন্য এটা টুইটত লিখিছে, “মই ড০ এছ ৰাধাকৃষ্ণণক তেওঁৰ জন্মজয়ন্তীত শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁৰ বিশিষ্ট ব্যক্তিত্ব আৰু জাতিৰ অৱদানৰ কথা স্মৰণ কৰিছো ।”
I pay my respects to Dr. S. Radhakrishnan on his Jayanti and recall his distinguished scholarship as well as contributions to our nation.
— Narendra Modi (@narendramodi) September 5, 2021