বোকাজানত আঠ কোটি টকাৰ হেৰইন জব্দ, এজনক আটক

WhatsApp Image 2021 09 05 at 7.57.04 PM

বোকাজানৰ খটখটী থানাৰ অন্তৰ্গত বৰলেংৰি পুলিছ পহৰা চকীৰ বিশেষ তালাছীত আজি এখন অ’ট’ৰিক্সাৰ পৰা আৰক্ষীয়ে এক কেজি হেৰইন জব্দ কৰাৰ লগতে এজন সৰৱৰাহকাৰীক আটক কৰে ৷

আটকাধীন সৰৱৰাহকাৰীজন মৈৰাবাৰীৰ সৰুজ আলি ৷ এন.এল ০৭ এফ এ২৪৮২ নম্বৰৰ এখন অ’ট’ৰিক্সাত ৭৮টা চাবোনৰ বাকছত নগালেণ্ডৰ ডিমাপুৰৰ পৰা অসম সীমান্তত কোনো লোকক দিবলৈ আহিছিল উক্ত সৰৱৰাহকাৰীজনে ৷

আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে কাৰ্বি আংলং আৰক্ষীয়ে উপৰ্যুপৰি ড্ৰাগছ সৰৱৰাহকাৰীক বিগত সময়ছোৱাত আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷

Exit mobile version