ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ফকিৰাগ্ৰাম দোতমা আদি অঞ্চলটো ক’ভিড বিধি মানি আৰম্ভ হৈছে পাঠদান

536d88f4 dd75 4e50 937f b9324539691c

ৰাজ্য চৰকাৰৰ নতুন এছঅ’পি অনুযায়ী সম্পূৰ্ণ ক’ভিড নিয়ম মানি বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম দোতমা আদি অঞ্চলতো আজিৰে পৰা পুনৰ আৰম্ভ হৈছে মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠদান ৷

মহাবিদ্যালয় পুনৰ খোলাৰ লগতে পাঠদান আৰম্ভ হোৱাত ছাত্ৰ-ছাত্ৰী সকলেও আনন্দ প্ৰকাশ কৰিছে। ফকিৰাগ্ৰাম ,দোতমা আদি অঞ্চলৰ লগতে কোকৰাঝাৰ সদৰ চহৰস্থিত বিজ্ঞান মহাবিদ্যালয়,ছোৱালী মহাবিদ্যালয়ৰ লগতে সদৰ চহৰস্থিত আন মহাবিদ্যালয়তো ক’ভিড বিধি মতে আৰম্ভ হৈছে পাঠদান ৷

পাঠদান আৰম্ভ হোৱাত বিগত এবছৰ ধৰি বন্ধ হৈ থকা মহাবিদ্যালয়সমূহত পূৰ্বৰ স্পন্দন ঘূৰি আহিছে বুলি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে মত ব্যক্ত কৰিছে ৷

Exit mobile version