ভাৰতীয় কিষান সংঘ অসমৰ সংবাদমেল

কৃষিজাত সামগ্ৰীৰ নূন্যতম সমৰ্থন মূল্যৰ পৰিৱৰ্তে লাভজনক বজাৰ মূল্য প্ৰদানৰ দাবীত ন ছেপ্টেম্বৰত ৰাজ্যজুৰি কৃষকৰ প্ৰতিবাদ

WhatsApp Image 2021 09 07 at 8.11.43 PM

কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম সমৰ্থন মূল্য(MSP)ৰ পৰিবৰ্তে উচিত লাভজনক বজাৰ মূল্য (cost of production based remuneration price) ৰ নিশ্চিতি প্ৰদানৰ দাবীত ৯ ছেপ্টেম্বৰত ভাৰতীয় কিষান সংঘ অসমে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব । আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি কৃষক সংগঠনটোৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰাই এই কথা সদৰী কৰে ।

তেওঁ কয়, ‘কৃষকৰ উৎপাদিত শস্যৰ উচিত বজাৰ মূল্যৰ দাবীত ভাৰতীয় কিষান সংঘই দীৰ্ঘদিন ধৰি মাত মাতি আহিছে । যিহেতু শস্যৰ উৎপাদন খৰছতকৈ উৎপাদিত ফচলৰ বজাৰ মূল্য কম সেয়ে সংঘই উৎপাদিত বজাৰ মূল্যৰ নিশ্চিতি প্ৰদানৰ বাবে চৰকাৰক দাবী জনাই আহিছে । পিছে চৰকাৰে ফচলৰ লাভজনক বজাৰ মূল্যৰ সুৰক্ষা দিয়াটো দূৰৰে কথা ,ফচল ক্ৰয়ৰ বাবে যি নূন্যতম সমৰ্থন মূল্য ধাৰ্য কৰিছে তাৰ পৰাও কৃষকসকল বঞ্চিত হৈছে । তদুপৰি আমি ভাবো যি নূন্যতম সমৰ্থন মূল্য ধাৰ্য কৰা হৈছে সেই ব্যৱস্থাটো অসোঁৱাহপূৰ্ণ ।

কিয়নো ফচলৰ উৎপাদন খৰছ প্ৰতিদিনে বৃদ্ধি পাই আহিছে যাৰ বাবে চৰকাৰে ধাৰ্য কৰি দিয়া মূল্যই কৃষকক লাভান্বিত কৰিব পৰা নাই । সেয়ে কিষান সংঘই নূন্যতম সমৰ্থন মূল্যৰ পৰিবৰ্তে উচিত লাভজনক বজাৰ মূল্যৰ নিশ্চিতি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ১১ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু সেই পত্ৰৰ আজি পৰ্যন্ত কোনো উত্তৰ নাহিল । যাৰ বাবে আঠ ছেপ্টেম্বৰত ভাৰতীয় কিষান সংঘই সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অসমতো এই প্ৰতিবাদৰ সমৰ্থনত ন ছেপ্টেম্বৰত সংঘৰ ৰাজ্যিক সমিতিয়ে ৰাজ্যজুৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়নেৰে প্ৰতিবাদ সাব্যস্ত কৰিব । উচিত বজাৰ মূল্য আৰু ব্যৱস্থিত সুশৃঙ্খলিত আদৰ্শ বজাৰ ব্যৱস্থাৰ সৃষ্টি কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব । চৰকাৰে আমাৰ দাবী মানি নল’লে অনাগত দিনতোএই প্ৰতিবাদ অব্যাহত থাকিব । সংবাদমেলত বৰাই লগতে ৰাজ্যৰ সাপ্তাহিক বজাৰসমূহ উন্নীতকৰণ কৰাৰ বাবে চৰকাৰক দাবী জনাই কয়, দেশৰ অন্যান্য ঠাইৰ দৰে আমাৰ ইয়াত কৃষকৰ উৎপাদিত ফচল বিক্ৰীৰ বাবে ‘মণ্ডি’ৰ ব্যৱস্থা নাই ।

অসম হৈছে এনেকুৱা এখন ৰাজ্য য’ত কৃষকে নিজৰ উৎপাদিত ফচল অলি-গলি,পথৰ দাঁতিত ,ফুটপাথত বিক্ৰী কৰিব লগা হয় । ফচল বিক্ৰীৰ বাবে কোনো নিৰ্দিষ্ট ব্যৱস্থা চৰকাৰে কৰি দিয়া নাই । সাপ্তাহিক বজাৰেই ফচল বিক্ৰীৰ একমাত্ৰ মাধ্যম । সেয়ে ৰাজ্য চৰকাৰে সাপ্তাহিক বজাৰসমূহ উন্নীতকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে । জানিব পৰা মতে কেন্দ্ৰ চৰকাৰে সাপ্তাহিক বজাৰ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ২০১৯-২০ বর্ষত দুহেজাৰ কোটি টকা ধার্য কৰিছিল ।

সেই পুঁজি আজিও অব্যৱহৃত হৈ আছে । সংঘই উক্ত পুঁজিৰ সদব্যৱহাৰ কৰি ইয়াৰ জৰিয়তে অসমৰ সাপ্তাহিক বজাৰসমূহ স্থানীয় কৃষকৰ বাবে উপযোগী হোৱাকৈ উন্নীত কৰিবলৈ দাবী জনাইছে । তদুপৰি ৰাজ্যত ইউৰিয়া সাৰৰ ক্ষেত্ৰত হোৱা ভয়াবহ ছিণ্ডিকেট-দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগে শেহতীয়াকৈ যি পদক্ষেপ গ্ৰহণ কৰিছে তাক সংঘই আদৰণি জনাইছে আৰু একে সময়তে কৃষকে যাতে সুলভ মূল্যত বা ৰাজ সাহায্যত সাৰ পাব পাৰে তাৰ বাবেও চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ।’

Exit mobile version