অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ দেহাৱসান

Akshay kumar with mother

অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ দেহাৱসান। বিগত কে’বাদিনো ধৰি অসুস্থতাত ভুগি আছিল অৰুণা ভাটিয়া । তেওঁ মুম্বাইৰ হিৰানন্দনী চিকিৎসালয়ৰ আইচিইউ বিভাগত চিকিৎসাধীন হৈ আছিল ।

বুধবাৰে পুৱা অভিনেতাজনে নিজেই তেওঁৰ মাতৃৰ মৃত্যুৰ খবৰ সামাজিক মাধ্যমত জনালে । তেওঁ ফেচবুকত লিখিছিল, “মোৰ মা শ্ৰীমতী অৰুণা ভাটিয়াই আজি ৰাতিপুৱা আমাক এৰি গৈছে। মা মোৰ অস্তিত্বৰ মূল আছিল। মই এই বেদনা সহ্য কৰিব পৰা নাই। ”

অক্ষয়ে সোমবাৰে অসুস্থ মাতৃক চাবলৈ লণ্ডনত দৃশ্যগ্ৰহণ কৰি থকাৰ মাজতে মুম্বাইলৈ উভতি আহিছিল। অভিনেতাজনে সামাজিক মাধ্যমত লিখিছিল, “অতি কঠিন সময়ৰ মাজেৰে পাৰ হৈছো । আপোনালোকৰ প্ৰত্যেকৰে প্ৰাৰ্থনা মোৰ আৰু মোৰ পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ ।”

অক্ষয়ে ব্ৰিটেইনত তেওঁৰ পৰৱৰ্তী ছবি ‘মিছন চিণ্ড্ৰেলা’ৰ দৃশ্যগ্ৰহণ কৰি আছিল। মাতৃৰ অসুস্থতাৰ খবৰ পোৱাৰ পাছত তেওঁ হঠাতে দৃশ্যগ্ৰহণ এৰি মুম্বাইলৈ উভতি আহে।

অভিনেতাজনৰ ঘনিষ্ঠ এক সূত্ৰই কয় যে অক্ষয়ে তেওঁৰ মাকক বহুত ভাল পায়। মাকে অসুস্থ বুলি অভিনেতাজন মাতৃৰ কাষত থাকিব বিচাৰিছিল‌ । গতিকে তেওঁ দৃশ্যগ্ৰহণৰ পৰা সোনকালে ঘৰলৈ উভতি আহিল।

অক্ষয়ৰ অনুৰাগীসকলে তেওঁৰ মাতৃক শুভকামনা জনাইছিল। অক্ষয় ঘৰলৈ উভতি আহি সকলোকে উত্তৰ দিছিল, ‘মোৰ মাৰ বাবে আপোনাৰ চিন্তা আৰু শুভকামনা পাই মই সুখী । এই মুহূৰ্তত আপোনালোক প্ৰত্যেকৰে প্ৰাৰ্থনা মোৰ বাবে গুৰুত্বপূৰ্ণ। ‘

অভিনেতাজনে কেইদিনমান আগতে ‘মাতৃ দিৱস’ত মাকৰ স’তে নিজৰ এখন ফটো ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল।

Exit mobile version