ছলমানক ব্যংগ কৰি ভিডিঅ’গেম ‘ছেলমন ভই’, আদালতৰ দ্বাৰস্থ ‘টাইগাৰ’

salman khan wins the case against selmon bhai game as its access gets restricted by bombay court001

২০০২ৰ এক পথ দুর্ঘটনাক কেন্দ্র কৰি এটা ভিডিঅ’ গেম তৈয়াৰ কৰা হয় । সেই দুর্ঘটনাত জড়িত আছিল ছলমান খানৰ নাম । অভিনেতাক ব্যংগ কৰি গেমটোৰ নাম ৰাখা হয় ‘ছেলমন ভই’ । এই ভিডিঅ’ গেমটোৰ বিৰুদ্ধে মুম্বাই দেৱানী আদালতৰ দ্বাৰস্থ হৈছিল ছলমান খান ।

এই ভিডিঅ’ গেমৰ নির্মাতা পেৰ’ডি ষ্টুডিয়’জ প্রাইভেট লিমিটেডক এই গেমটো বা ছলমান সম্পর্কিত আৰু কোনো ধৰণৰ প্রচাৰ আৰু নতুনকৈ তৈয়াৰ নকৰিবৰ নির্দেশ দিছে আদালতে । লগতে, গুগল প্লে আৰু অন্যান্য প্ল্যাটফর্মৰ পৰা এই ভিডিঅ’ গেমটো আঁতৰাই দিয়াৰ নির্দেশ দিয়া হয় । আদালতে জনায়, ছলমান খানক লক্ষ‌্য কৰিয়ে এই ভিডিঅ’ গেমৰ চৰিত্রটো তৈয়াৰ কৰা হৈছে, কিন্তু তেওঁৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাই ।

ন্যায়ালয়ৰ অনুসৰি, উক্ত গেম তৈয়াৰ কৰা অভিযোগকাৰী অর্থাৎ ছলমান আৰু তেওঁৰ বিৰুদ্ধে অনা গোচৰৰ স’তে সাদৃশ্য আছে । কিন্তু ছলমানে এই গেমটো তৈয়াৰ কৰাৰ অনুমতি দিয়া নাই । সেয়ে এই ক্ষেত্রত ছলমানৰ গোপনীয়তা বজায় ৰখাৰ অধিকাৰ লংঘিত হৈছে আৰু তেওঁৰ ভাবমূর্তি নষ্ট হৈছে ।

যোৱা মাহত ছলমানে আদালতত এই গেমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । অভিনেতাজনৰ অভিযোগ, গেমৰ চৰিত্রৰ ছবি আৰু নামৰ স’তে তেওঁৰ মিল আছে । ছলমানক তেওঁৰ অনুৰাগীসকলে ‘ছলমান ভাই’ বুলি সম্বোধন কৰে । সেয়ে নির্মাতায়ো ব্যংগ কৰি এই গেমৰ নাম ‘ছেলমন ভাই’ ৰাখিছে ।

২০০২ৰ ২৮ ছেপ্টেম্বৰত ছলমানৰ গাড়ীয়ে নিয়ন্ত্রণ হেৰুৱাই ফুটপাথত উঠি যায় । তেওঁৰ গাড়ীৰ চেপাত ফুটপাথত শুই থকা এজন ব্যক্তিৰ মৃত্যু হয় । চাৰিজন লোক আহত‌ও হয় । কিন্তু আদালতত প্রমাণ কৰা হয় যে, দুর্ঘটনাৰ সময়ত ছলমান চালকৰ আসনত নাছিল । ২০১৫ ত ছলমানক নির্দোষী ঘোষণা কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে ।

Exit mobile version