পিএইছডি, মাষ্টাৰ্ছ মূল্যহীন, মোল্লাসকলেই শ্ৰেষ্ঠ ! স্পষ্টভাৱে জনালে আফগানিস্তানৰ শিক্ষামন্ত্ৰীয়ে

jqko74no taliban education minister sheikh molvi noorullah munir

চৰকাৰ ঘোষণাৰ পাছতেই তালিবানৰ শিক্ষামন্ত্রী শেখ মৌলবি নুৰুল্লা মুনিৰে কয় যে, পিএইছডি, মাষ্টাৰ্ছ ডিগ্রীৰ কোনো মূল্য নাই । তেওঁ কয়, ‘‘এতিয়াৰ দিনত পিএইছডি আৰু মাষ্টাৰ্ছ ডিগ্রী মূল্যহীন । কাৰণ মোল্লা আৰু তালিবান নেতাসকলৰ কাৰো পিএইছডি, মাষ্টাৰ্ছ বা উচ্চ মাধ্যমিঅৰ ডিগ্রীও নাই । কিন্তু তেওঁলোকেই শ্রেষ্ঠ ।’’

মুনিৰৰ এই মন্তব্যৰ কঠোৰ সমালোচনা আৰম্ভ হৈছে । আফগানসকলৰ একাংশৰ শংকা, বিগত ২০ বছৰে আফগানিস্তানত যি শিক্ষাব্যৱস্থা আৰম্ভ হৈছিল, এই তালিবানি শাসনে সেয়া ভংগ কৰিব পাৰে ।

ইয়াৰ পূৰ্বে ১৯৯৬ৰ পৰা ২০০১ পর্যন্ত আফগানিস্তানত তালিবানি শাসনত মহিলাসকলৰ বিদ্যালয়ত যোৱাৰ অধিকাৰ নাছিল । কিন্তু এইবাৰ কাবুল দখল কৰাৰ পাছত তেওঁলোকে জনাইছে যে, মহিলাসকলে বিদ্যালয়-মহাবিদ্যালয়ত যাব পাৰিব । কিন্তু শ্বৰিয়তি আইন অনুসৰি । অর্থাৎ হিজাব পৰিধান কৰিব লাগিব তেওঁলোকে ।

ল’ৰা-ছোৱালী পৃথক পৃথককৈ বহিব লাগিব বুলিও জানায় তেওঁলোকে । তালিবানৰ এই নির্দেশ মানি লৈছে ছাত্রীসকলে । কিন্তু পৰৱর্তীকালত তালিবানে জনায়, কেৱল হিজাব নহয় আবায়া আৰু নিকাবো পিন্ধিব লাগিব ‌তেওঁলোকে । এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ছাত্র-ছাত্রীসকলৰ একাংশ‌ই । ফলত কাবুলত বিশ্ববিদ্যালয় খুলিলেও শ্ৰেণীকোঠা প্রায় বেলেগ ।

তালিবানৰ নতুন চৰকাৰত কার্যনির্বাহী প্রধানমন্ত্রী হিচাপে নাম ঘোষণা কৰা হৈছে মোল্লা মহম্মদ হাছান আখুন্দক । মোল্লা আব্দুল ঘানি বৰাদৰক কার্যনির্বাহী উপ-প্রধানমন্ত্রী পদৰ দায়িত্ব দিয়া হৈছে । হক্কানি নেটৱর্কৰ প্রধান ছিৰাজুদ্দিন হক্কানি হৈছে কার্যনির্বাহী অভ্যন্তৰীণ মন্ত্রী । এফবিআইৰ ‘মোষ্ট ৱান্টেড’ তালিকাত থকা ছিৰাজুদ্দিনকো নতুন চৰকাৰত স্থান দিয়া হৈছে ।

Exit mobile version