চপৰা চপৰে খহিছে মথাউৰি। চৰকাৰ, জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী।
বৰপেটা জিলাৰ কলগাছিয়াৰ শওঁপুৰত বিকল্প ৰাজ্যিক ঘাইপথৰ লগতে নৱনিৰ্মিত পকী দলঙলৈ বেঁকী নৈৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।
দলংখনৰ নিৰাপত্তাৰ বাবে পশ্চিম ফালৰ উত্তৰ দিশে নিৰ্মাণ কৰা মথাউৰিৰ এক তৃতীয়াংশ ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। দৈনিক চপৰা চপৰে খহিছে মথাউৰি।
বিকল্প ৰাজ্যিক ঘাইপথৰ পৰা মাত্ৰ ৪০ মিটাৰ নিলগত বেঁকী নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত ৰাইজৰ মাজত তীব্ৰ আতংক আৰু হাহাকাৰৰ সৃষ্টি হৈছে ।
গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা ন’ললে ৰাজ্যিক ঘাই পথ আৰু বেকীঁ নৈৰ ওপৰত থকা পকী দলঙখন নৈৰ বুকুত জাহ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক ক্ষেত্ৰ ভ্ৰমণ কৰি বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন মহলে দাবী জনাইছে।