নিমাতীঘাটৰ সমীপত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে ।
এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে যোৰহাট আৰু মাজুলী জিলা প্ৰশাসনক নিৰ্দেশ দিছে।
ঘটনাৰ চৰজমিন বুজ লোৱাৰ বাবে মন্ত্ৰী বিমল বৰাক তৎকালে ঘটনাস্থলীত উপস্থিত হ’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগতে প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক অহৰ্নিসে পৰিস্থিতি নিৰীক্ষণৰ বাবে তেওঁ নিৰ্দেশ দিছে।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ নিজেও নিমাতীঘাটত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব।
I am pained at the tragic boat accident near Nimati Ghat, Jorhat.
Directed Majuli & Jorhat admin to undertake rescue mission expeditiously with help of @NDRFHQ & SDRF. Advising Min @BimalBorahbjp to immediately rush to the accident site. I'll also visit Nimati Ghat tomorrow.
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 8, 2021