পূজাৰ বতৰত উপহাৰৰ প্ৰলোভনৰ পৰা সাৱধান : এমেজনৰ ভুৱা গ্ৰাহক সেৱা কেন্দ্ৰ উৎখাত

amazon boxes 02 1597796513 1597796513

জনপ্রিয় ই কমার্চ প্রতিষ্ঠান এমেজনৰ নামত পশ্চিমবংগত একাধিক ভুৱা গ্রাহক সেৱা কেন্দ্র সক্রিয় হৈ আছে। গােপন সূত্ৰৰ খবৰৰ ভিত্তিত কলকাতা আৰক্ষীয়ে তদন্ত চলাই দক্ষিণ কলকাতাৰ নিউ আলিপুৰৰ বংকিম মুখার্জী সৰনিত এটা ভুৱা গ্রাহক সেৱা কেন্দ্র উৎখাত কৰে।

এই কল চেণ্টাৰটোত কৰ্মৰত ২২ জন লােকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। অভিযুক্তই প্ৰকাশ কৰা মতে, তেওঁলােকে গ্রাহকৰ স’তে ফোনৰে কথা পাতি নিজকে এমেজনৰ কর্মী হিচাপে পৰিচয় দি ‘কেচ বেক’ বা টকা উপহাৰ দিয়াৰ প্রলােভন দি আহিছিল।

বিভিন্ন এপ্ ব্যৱহাৰ কৰি এমেজনৰ নামত এইদৰে প্ৰৱঞ্চকৰ চক্ৰটোৱে গ্ৰাহকক ধন ওভতাই দিয়াৰ নামত ধন লুটি নিছিল। কলকাতা আৰক্ষীয়ে ভুৱা কল চেণ্টাৰৰ অভিযােগ লাভৰ পাছত ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীয়ে লগতে পূজাৰ বতৰত গ্ৰাহকসকলক উপহাৰৰ প্রলােভনৰ পৰা সাৱধান হ’বলৈকো পৰামর্শ দিছে।

Exit mobile version