এন কে প্ৰডাকচনত ৰাকেশ ৰাগৰ “তুমি ভালে আছানে” শীৰ্ষক এটি ৰোমাণ্টিক গীত মুকলি

bc096899 5ac2 4fa3 af2e c41bd84b8549

অসমৰ সাংস্কৃতিক জগতৰ মাইলৰ খুটি হিচাপে পৰিগণিত “NK Production” ত দেওবাৰে নৱ প্ৰজন্মৰ প্ৰতিভাৱান কণ্ঠশিল্পী ৰাকেশ ৰাগৰ “তুমি ভালে আছানে” শীৰ্ষক এটি ৰোমাণ্টিক গীত মুকলি কৰা হয়।

জুৰোডৰ জোনালীস্থিত NK Production ৰ ষ্টুডিঅ’ তথা কাৰ্যালয়ত গীতটি মুকলি কৰে সংগীত শিল্পী শোণিত গগৈয়ে। আৰ কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত গীতটিৰ ৰচনা ৰাকেশ ৰাগৰ। সুৰ আৰু সংগীতেৰে সঁজাইছে তৰুণ তন্ময়ে।

আনহাতে, হিমানীল কাশ্যপে পৰিচালনা কৰা গীতটিৰ ভিডিঅ’টোত অভিনয় কৰিছে ধ্ৰুৱ কাশ্যপ, ৰুলি ৰাণীয়ে। চিনেমাটোগ্ৰাফী বিতুল দাসৰ। সম্পাদনা কৰিছে মানস কাশ্যপে। উল্লেখ্য যে সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে সংগীত শিল্পী অপূৰ্ব জান, তৰুণ তন্ময়, ৠষী সিনহা, মানস ডিগবৈ, সুশান্ত ভৌমিক, হিমানীল কাশ্যপ, নিয়ৰ বিকাশৰ লগতে কেইবাগৰাকী ব্যক্তি।

Exit mobile version