মহাৰাষ্ট্ৰৰ মন্ত্ৰী-মুম্বাইৰ মেয়ৰৰ দাবী : কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হ’ল

Covid kerala 2 1

কেৰালা আৰু উত্তৰ-পূব ভাৰতৰ কে’বাখনাে ৰাজ্যত কৰ’নাৰ সংক্রমণ শেহতীয়াভাৱে পুনৰ বৃদ্ধি পাইছে। মহাৰাষ্ট্রৰ নাগপুৰ, থানে আদি চহৰত আক্ৰান্তৰ সংখ্যা প্রতিদিনে ঊর্ধ্বমুখী হৈছে।

মহাৰাষ্ট্রৰ কেবিনেট মন্ত্রী নীতিন ৰাবটে দাবী কৰি কয় যে নাগপুৰত ইতিমধ্যে কৰ’নাৰ সংক্ৰমণৰ তৃতীয় টৌ আৰম্ভ হৈছে। একেদৰে মুম্বাইৰ মেয়ৰ কিশােৰী পেডনেকৰে কয় যে মুম্বাইত কৰ’নাৰ তৃতীয় ঢৌৰ আগমন ঘটিল।

দেশত কৰ’নাৰ ভয়াৱহ দ্বিতীয় ঢৌৰ পাছত আগষ্ট- ছেপ্টেম্বৰৰ ভিতৰতে তৃতীয় ঢৌৰ আগমন ঘটিব বুলি আশংকা প্রকাশ কৰা হৈছিল। মহাৰাষ্ট্ৰ আৰু কেৰালাত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পােৱা আৰু মহাৰাষ্ট্রৰ মন্ত্রী, মেয়ৰে এইদৰে তৃতীয় সংক্রমণ আৰম্ভ হােৱা বুলি কৰা মন্তব্যই পুনৰ ক’ভিডকেন্দ্রিক উদ্বেগ বৃদ্ধি কৰিলে।

মুম্বাইৰ মেয়ৰ পেডনেকৰে তৃতীয় টৌ আৰম্ভ হােৱা বুলি দাবী কৰি মুম্বাইবাসীক ঘৰতে থাকি গণেশ চতুর্থী পালন কৰিবলৈ আহ্বান জনাইছিল। ইফালে, মন্ত্রী বটে অলপতে কৈছিল যে যিদৰে নাগপুৰত কৰ’নাৰ সংক্ৰমণৰ ঘটনা দ্বিগুণ অধিক হাৰত বৃদ্ধি পাইছে তাৰ প্রতি লক্ষ্য ৰাখিলে ক’ব পাৰি যে নাগপুৰত ইতিমধ্যে ক’ভিডৰ তৃতীয় টৌ আৰম্ভ হ’ল।

Exit mobile version