নীটৰ পৰা ৰেহাইৰ বাবে তামিলনাডুত বিধেয়ক গৃহীত

151471 neet 2pti

তামিলনাডু বিধানসভাই মেডিকেল প্ৰৱেশ পৰীক্ষা নীটৰ পৰা ছাত্ৰ-ছাত্ৰীক ৰেহাই দিয়াৰ উদ্দেশ্যৰে এখন বিধেয়ক বিধানসভাত গৃহীত কৰিলে । এই বিধেয়কৰ জৰিয়তে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীক মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত নীটত অৱতীৰ্ণ হোৱাৰ পৰা স্থায়ীভাৱে ৰেহাই দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ পৰা অনুমতি বিচৰা হৈছে ।

বিধানসভাত আজি বিজেপিৰ বাহিৰে আন সকলো দলৰ সদস্য‌ই বিধেয়কখনলৈ সমৰ্থন দিয়ে । এই বিধেয়কত তামিলনাডুত দ্বাদশৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । কালি বিধানসভাত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে বিধেয়কখন উত্থাপন কৰি আন দলৰ পৰা সমৰ্থন বিচাৰে ।

উল্লেখ্য যে এগৰাকী ১৯ বছৰীয়া নীট পৰীক্ষাৰ্থীৰ আত্মহত্যাক লৈ তামিলনাডুৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই সময়তে ডি এম কে দলে প্ৰতিশ্ৰুতি দি কৈছিল যে ৰাজ্যখনত নীট পৰীক্ষাৰ পৰিৱৰ্তে মেধাৰ ভিত্তিত মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ ব্যৱস্থা কৰা হ’ব ।

মুখ্যমন্ত্ৰী ষ্টেলিনে কয় যে, ক্ষমতা লাভৰ পাছত ডি এম কেয়ে প্ৰতিশ্ৰুতি অনুসৰি তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীক নীট পৰীক্ষাৰ পৰা ৰেহাই দিলে ।

Exit mobile version