চৰকাৰে বিপিএল পৰিয়ালক যোগান দিয়া চাউলত ওলাল প্লাষ্টিক

তদন্তৰ দাবী জনাইছে শালবাৰীবাসী ৰাইজে

WhatsApp Image 2021 09 15 at 6.22.54 PM 1

দেশৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত‌ (বিপিএল) বসৱাস কৰা পৰিয়ালসমূহক চৰকাৰে অন্ন সুৰক্ষা যোজনা, অন্তোৰ্দয়া আদি আঁচনিৰ নামত বিনামূলীয়া চাউল বিতৰণ কৰি আহিছে যদিও সম্প্ৰতি হিতে বিপৰীত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম সমবায় সমিতিৰ অন্তৰ্গত চিথিলাৰ শালবাৰী গাঁৱত তেনে ঘটনা সংঘটিত হৈ আহিছে ৷

উল্লেখ্য যে এশ শতাংশ কৃষিজীবি তথা দৰিদ্ৰ সীমা ৰেখাৰ তলত বসৱাস কৰা ৬০ টা পৰিয়াললৈ চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউলক লৈ বিপাঙত পৰিছে ৷ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে আচলতে চৰকাৰে কি কৰিব বিচাৰিছে ৷

আজি শালবাৰী গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়, ‘আমি চাৰিদিন পূৰ্বে শক্তি আশ্ৰম সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত চিথিলাৰ শালবাৰী গাঁৱৰ এগৰাকী সূলভ মূল্যৰ দোকানীৰ পৰা চাউলখিনি আনিছিলো । কিন্তু উক্ত চাউলৰ ভাত খোৱাৰ পাছৰ পৰা গাঁওখনৰ কে’বাগৰাকীও পুৰুষ-মহিলাৰ পেটৰ বিষ অনুভৱ হয় ৷ তদুপৰি চাউলখিনি অত্যধিক দুৰ্গন্ধযুক্ত তথা প্লাষ্টিক পুৰিলে যেনে ধৰণৰ গোন্ধ ওলায় চৰকাৰে যোগান ধৰা চাউলখিনিও তেনেকুৱাই ৷’

গাঁওবাসীয়ে জনোৱা অনুসৰি, চাউলখিনি পানীত তিয়াঁই ৰাখিলে সচৰাচৰ চাউলতকৈ বেছি দীঘলীয়া আকাৰ লৈ পানীৰ ওপৰত উপঙি থাকে ৷ সেয়েহে দৰিদ্ৰ সীমা ৰেখাৰ তলত বসৱাস কৰা কিন্তু চৰকাৰৰ বিনামূলীয়া চাউলৰ ওপৰত নিৰ্ভৰশীল চহা গঞা ৰাইজে ভাৰত চৰকাৰ, অসম চৰকাৰৰ লগতে বিটিআৰ পৰিষদীয় চৰকাৰ আৰু অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীক সঠিক তদন্ত কৰিবলৈ আহ্বান জনাইছে ।

Exit mobile version