অহা সপ্তাহৰ পৰা ব্রিটেইনত ৫০ উর্ধ্বক দিব বুষ্টাৰ টিকা

TFNJ3YSBKBM23ONOSKRVBXPIEM

অহা সপ্তাহৰ পৰা ব্রিটেইনত ৫০ ঊর্ধ্বৰ বয়সৰ লােকসকলক ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধক প্রদান অভিযান আৰম্ভ হ’ব। ব্রিটিছ চৰকাৰে এখন বিশেষজ্ঞ সমিতিৰ পৰামর্শ গ্রহণ কৰি দেশৰ ৫০ ঊর্ধ্বৰ বয়সৰ সকলাে নাগৰিকক কৰ’নাৰ সংক্ৰমণৰ পৰা সুৰক্ষিত ৰাখিবলৈ বুষ্টাৰ অর্থাৎ তৃতীয় পালি প্রতিষেধক প্ৰদানৰ সিদ্ধান্ত ল’লে।

ব্রিটেইনৰ স্বাস্থ্যমন্ত্রী ছাজিদ জাভিদে ব্রিটিছ সংসদক এই কথা অৱগত কৰে। স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয় যে ক’ভিডৰ পৰা সকাহ লাভৰ বাবে তৃতীয়টো পালি প্রতিষেধক গ্ৰহণ কৰা জৰুৰী হৈছে আৰু সেয়েহে ব্রিটেইন চৰকাৰে দেশখনৰ ৫০ ঊর্ধ্বৰ বয়সৰ লােকসকলক প্রথমে বুষ্টাৰ টিকাকৰণৰ সিদ্ধান্ত লৈছে।

Exit mobile version