বাগসাৰ সাউদৰভিঠাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক, আহত চাৰি চিকিৎসাধীন

road accident 1

বাগসাৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত সাউদৰভিঠাত বিশ্বকৰ্মা পূজাৰ দিনাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তিনিখনকৈ দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে এজন যুৱক নিহত হোৱাৰ লগতে আন চাৰি যুৱক গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৷

নিহত যুৱকজন মাণিকপুৰৰ ছাইদুৰ ৰহমান বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ উল্লেখ্য যে কালি বিশ্বকৰ্মা পূজাৰ দিনাখন আবেলিৰ ভাগত শালবাৰী-সাউদৰভিঠা সংযোগী মুখ্য পথৰ সাউদৰভিঠা চ’ক বজাৰৰ পৰা উত্তৰে প্ৰায় এক কিলোমিটাৰ নিলগৰ পকী দলঙৰ সমীপত এএছ ১৪ জি ২৪৫২ নম্বৰৰ ৰয়েল এনফিল্ড আৰু এএছ ১৪ কে ৫৯৪৯ নম্বৰৰ পালচাৰ বাইক আৰু আন এখন নম্বৰ প্লেটবিহীন দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ সংঘৰ্ষত পিছফালৰ মূৰ ফাটি থিতাতে নিহত হয় ৰয়েল এনফিল্ড বাহনখনৰ চালক মাণিকপুৰৰ ছাইদুৰ ৰহমান নামৰ যুৱকজন ৷

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাগসাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱাজান (বালাচুবা)ৰ খগেন বসুমতাৰীৰ পুত্ৰ মহেন্দ্ৰ বসুমতাৰী(২০), নীলেশ্বৰ বসুমতাৰীৰ পুত্ৰ ধনেশ্বৰ বসুমতাৰী(২০), বাদুলীপাৰাৰ কম্বল বড়োৰ পুত্ৰ চন্দন বড়ো(২৪) আৰু খাৰুৱাজানৰ হনুৰাম বড়োৰ পুত্ৰ বেটচং বড়ো ৷ ঘটনাস্থলীত আনন্দ বজাৰ আৰক্ষী উপস্থিত হৈ আহত আটাইকেইজনকে চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে নিহত ছাইদুৰ ৰহমানৰ মৃতদেহ সন্ধিয়াৰ ভাগত আনন্দ বজাৰ আৰক্ষী চকীলৈ লৈ অনা হয় ৷

উল্লেখ্য যে নিহত ছাইদুৰ ৰহমানৰ পত্নী বাগসাৰ শিমলা আৰক্ষী থানাত আৰক্ষী কনিষ্টবল হিচাপে কৰ্মৰত ৷

Exit mobile version