শপত ল’লে পাঞ্জাবৰ নতুন মুখ্যমন্ত্রীয়ে

Charanjit channi swearing in

সোমাবাৰে শপত গ্ৰহণ কৰিলে পঞ্জাৱৰ ১৬তম মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে । তেওঁ পঞ্জাৱৰ প্ৰথম দলিত মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰীৰ স’তে সোমবাৰে শপত গ্ৰহণ কৰিলে দুজন উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱা আৰু অ’পি চোনীয়ে । পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে শপতবাক্য পাঠ কৰাই।

উল্লেখযোগ্য যে, চান্নীয়ে পাঞ্জাৱী ভাষাত শপত গ্ৰহণ কৰিছে। অমৰিন্দৰ সিঙৰ পদত্যাগৰ পাছত চান্নী দেওবাৰে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হয়।

আজি শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু নৱজ্যোত সিং সিদ্ধু উপস্থিত থাকে । দুই দিনৰ আগতে পদত্যাগ কৰা অমৰিন্দৰ উপস্থিত নাছিল শপত গ্ৰহণ কৰা অনুষ্ঠানত। মাত্ৰ ছয় মাহৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাইছে চান্নিয়ে।

২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ পাছত অমৰিন্দৰ সিঙে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। পৰ্যবেক্ষকসকলে অনুভৱ কৰে যে নতুন মুখ্যমন্ত্ৰীয়ে ছয় মাহত বাকী কাম সম্পূৰ্ণ কৰিব পাৰিব নে নাই সেয়া স্পষ্ট নহয়।

অৱশ্যে, তেওঁৰ নিযুক্তিয়ে দলটোক পৰৱৰ্তী নিৰ্বাচনত দলিত ভোট সংগ্ৰহ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যখনৰ জনসংখ্যাৰ আনুমানিক ৩০% দলিত সম্প্ৰদায়ৰ। তেওঁলোকৰ ভিতৰত শিখ আৰু হিন্দু উভয় ধৰ্মৰ লোক আছে।

মুখ্যমন্ত্ৰীয়ে সোমবাৰে শপত লোৱাৰ আগতে ৰূপনগৰৰ কাটালগড় চাহিব গুৰুদ্বাৰা পৰিদৰ্শন কৰে। কংগ্ৰেছ নেতা হৰিশ ৰাৱটৰ মতে, দুজন উপ মুখ্যমন্ত্ৰীৰ এজন জাট শিখ আৰু আনজন হিন্দু। চান্নীয়ে শপত লোৱাৰ আগতে হৰিশ ৰাৱটক লগ কৰিছিল আৰু তাৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰক লগ কৰাৰ কথা আছে।

Exit mobile version