ৰাছিয়ান বিশ্ববিদ্যালয়ৰ গুলীয়া-গুলীত নিহত আঠ, কে’বাজনো আহত

210920 russia shooting mb 0906

তদন্ত কমিটীৰ আইন প্ৰয়োগকাৰী সংস্থাই জনায়, সোমবাৰে ৰাছিয়াৰ পাৰ্মৰ এখন বিশ্ববিদ্যালয়ত হোৱা গুলীয়া-গুলীত নিহতৰ সংখ্যা আঠজনলৈ বৃদ্ধি পালে আৰু কিছুসংখ্যক লোক আহত‌ও হৈছে ।

পাৰ্ম ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰেছ ছাৰ্ভিচে জনায়, অজ্ঞাত অপৰাধীজনে অ-প্ৰাণঘাতী বন্দুক ব্যৱহাৰ কৰিছিল । শিক্ষাৰ্থী আৰু বিশ্ববিদ্যালয়ৰ কৰ্মীসকলে নিজকে কোঠাত বন্ধ কৰি লয় আৰু যিয়ে কেম্পাছ ত্যাগ কৰিব পাৰে কৰিবলৈ আহ্বান জনায় ।

পৰৱৰ্তী সময়ত বন্দুকধাৰীজনক আটক কৰা হৈছে বুলি জনায় ৰাছিয়াৰ অন্তৱৰ্তী মন্ত্ৰণালয়ে । লগতে কয় যে, গুলী চালনাত কিছুসংখ্যক লোকৰ মৃত্যু হৈছে, কিন্তু কেইজন সেয়া স্পষ্ট নহয় ।

ৰাষ্ট্ৰীয় টাছ সংবাদ সংস্থাই আইন প্ৰয়োগকাৰী সংস্থাক জনায় যে, কিছুসংখ্যক ছাত্ৰ‌ই অট্টালিকাৰ খিৰিকীৰে জপিয়াই পাৰ হয় ।

সম্প্ৰতি স্পষ্ট নহয় যে আহত ব্যক্তিসকল গুলীবিদ্ধ হৈ আহত হৈছে নে পলায়নৰ চেষ্টা কৰি আহত হৈছে ।

ৰাছিয়াৰ তদন্ত কমিটীয়ে ইতিমধ্যে হত্যাৰ তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version