মোদীৰ আমেৰিকা ভ্ৰমণ : ২৪ ছেপ্টেম্বৰত প্রথমবাৰৰ বাবে হোৱাইট হাউছত বৈঠকত মুখামুখি হ’ব মোদী-বাইডেন

20210311207L 1615510966936 1616251745614

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে অহা ২৪ ছেপ্টেম্বৰত হােৱাইট হাউছত সাক্ষাৎ কৰিব আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনক। বাইডেনে যােৱা ২০ জানুৱাৰীত মার্কিন ৰাষ্ট্রপতি হিচাপে শপত গ্রহণ কৰিছিল। প্রথমবাৰৰ বাবে হােৱাইট হাউছত মুখামুখি হ’ব মােদী আৰু বাইডেন।

অৱশ্যে আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচিত হােৱাৰ পাছত বর্তমানলৈকে বাইডেন আৰু মােদীৰ মাজৰ তিনিবাৰ ভাচুৱেল বৈঠক অনুষ্ঠিত হৈছিল। সােমবাৰে নিশা হােৱাইট হাউছে প্রকাশ কৰা অনুসৰি, অহা ২৪ ছেপ্টেম্বৰত মার্কিন ৰাষ্ট্ৰপতিৰ বাসভৱনত বৈঠকত মিলিত হ’ব মােদী আৰু বাইডেন।

তদুপৰি বাইডেনক সাক্ষাতৰ পূর্বে অহা ২৩ ছেপ্টেম্বৰত মােদীয়ে আমেৰিকাৰ উপ- ৰাষ্ট্রপতি কমলা হেৰিছকো সাক্ষাৎ কৰিব। সংবাদ মাধ্যমৰ স’তে হােৱা বাৰ্তালাপত হােৱাইট হাউছৰ এজন বিষয়াই কয়, ‘প্রধানমন্ত্রী মােদী আমেৰিকা ভ্রমণলৈ আহিব।

২৩ ছেপ্টেম্বৰত তেওঁ উপ-ৰাষ্ট্রপতি কমলা হেৰিছক সাক্ষাৎ কৰিব। ইয়াৰ পিছদিনা অর্থাৎ ২৪ ছেপ্টেম্বৰত হােৱাইট হাউছত ৰাষ্ট্রপতি বাইডেনে ভাৰতৰ প্ৰধানমন্ত্রীক আদৰণি জনাব। আমি বিচাৰাে দুয়ােখন দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হওক।

বাইডেন-হেৰিছ প্রশাসনে ভাৰতৰ স’তে নিজৰ গােলকীয় সহযােগিতাক নতুন ৰূপ দিব বিচাৰাে। ক’ভিডক নির্মূল কৰিবলৈকো উভয় দেশে সহযােগিতা অব্যাহত ৰাখিব।

জলবায়ু পৰিৱৰ্তন আৰু আন কিছু গুৰুত্বপূর্ণ প্রসংগত দুই দেশৰ নেতাই বৈঠকত আলােচনা কৰিব। ‘বাইডেন ৰাষ্ট্রপতি হােৱাৰ পাছত মােদীয়ে ২০২০ৰ ১৭ নৱেম্বৰত তেওঁক ফোন কৰি শুভেচ্ছা জ্ঞাপন কৰিছিল।

ইয়াৰ পাছত উভয় ৰাষ্ট্রনেতাই যােৱা আঠ ফেব্ৰুৱাৰী আৰু ২৬ এপ্রিলতাে ফোনযােগে বার্তালাপ কৰিছিল। আনহাতে, উপ-ৰাষ্ট্রপতি কমলা হেৰিছেও যােৱা তিনি জুনত মােদীৰ স’তে ফোনত বাৰ্তালাপ কৰিছিল।

ভাৰতৰ প্ৰধানমন্ত্রীয়ে ২০১৯ৰ ছেপ্টেম্বৰত অন্তিমবাৰৰ বাবে আমেৰিকালৈ গৈছিল। সেই ভ্ৰমণত আমেৰিকাৰ তদানীন্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পৰ স’তে মােদীয়ে ‘হাউদি মােদী’ অনুষ্ঠানত অংশ লৈছিল।

ইয়াৰ পাছতে বিশ্বজুৰি কৰ’নাৰ ব্যাপক সংক্রমণ আৰম্ভ হৈছিল আৰু ক’ভিড কালত বিদেশ ভ্রমণৰ পৰা বিৰত থকা মােদীয়ে যােৱা মার্চত অন্তিম বিদেশ ভ্রমণ হিচাপে বাংলাদেশলৈ গৈছিল।

অহা ২৪ ছেপ্টেম্বৰত বাইডেনে কোৱাড গােষ্ঠীৰ দেশসমূহৰ ৰাষ্ট্রনেতাৰ স’তে সাক্ষাৎ কৰিব। কোৱাড বৈঠকত ভাৰত, আমেৰিকাৰ লগতে জাপান আৰু অষ্ট্রেলিয়া প্রধানমন্ত্রীয়ে অংশ ল’ব।

Exit mobile version