ওদালগুৰিত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

আগন্তুক দহ দিনৰ ভিতৰতে ওদালগুৰিত সাজু হৈ উঠিব ১৫খন বিচনাযুক্ত আই‌চিইউ

888ad20c 8999 49cc 9a2d a861f7e7253a

ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ওদালগুৰিত উপস্থিত হৈ কে’বাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ বিয়লি তিনি বজাত ওদালগুৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শনৰ লগতে বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়।

লগতে মন্ত্ৰী পাটোৱাৰীয়ে অসামৰিক চিকিৎসালয়খনত প্ৰায় সম্পূৰ্ণ হৈ উঠিবলগীয়া ১৫খন বিচনাযুক্ত আইচিইউ আৰু অক্সিজেন প্লাণ্ট পৰিদৰ্শন কৰে।ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি চিকিৎসালয়খনত নিৰ্মাণ অৱস্থাত থকা আইচিইউ কক্ষটো সন্দৰ্ভত প্ৰশংসা কৰে।

তেওঁ কয় যে “ওদালগুৰিৱাসীৰ এটি দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ পথত আগবাঢ়িছে। ইয়াৰ পূৰ্ৱে ওদালগুৰিৰ কোনো জৰুৰী ৰোগীক ম‌ঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

মঙ্গলদৈ অসামৰিক চিকিৎসালয়তো যথেষ্ট ভিৰ থকাৰ বাবে ৰোগীসকলক গুৱাহাটীলৈ নিবলগীয়া হয়। কিন্তু ওদালগুৰি চিকি‌ৎসালয়খনত আইচিইউৰ কাম সম্পূৰ্ণ হ’লে এনে সমস্যাৰ সমাধান হ’ব। ‘

আগন্তুক দহ দিনৰ ভিতৰত এই ১৫ বিচনাযুক্ত আইচিইউ কক্ষটো সম্পূৰ্ণ হোৱাৰ সমান্তৰালভাৱে চিকিৎসালয়খনত স্থাপন কৰা ১০০০ লিটাৰযুক্ত অক্সিজেন প্লাণ্টটোও সম্পূৰ্ণ হৈ উঠিব।

যাৰ ফলত সংকটজনক অৱস্থাত অহা ৰোগীৰ চিকিৎসা এই আইচিইউত ৰাখিয়েই কৰিব পৰা যাব।” ইফালে ৰাজ্যৰ পৰিবহন বিভাগটো আগন্তুক দিনত অধিক সংস্কাৰ হব বুলিও তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীৰ চিকিৎসালয়খন পৰিদৰ্শনৰ সময়ত অধ্যক্ষ সুদীপ ৰঞ্জন দেৰ লগতে চিকিৎসক নাৰ্চৰ লগতে আন কৰ্মীসকলো উপস্থিত থাকে। ইয়াৰ পূৰ্ৱে মন্ত্ৰীগৰাকীয়ে এটি অংগনাৱাড়ী কাৰ্যালয় আৰু জলজীৱন মিচনৰ বুজ লয়।

Exit mobile version