নিঃস্বাৰ্থ জনসেৱাৰ বাবে ফেচবুকৰ প্ৰশংসা অপূৰ্বলৈ

delete facebook data

ক’ভিডকালীন পৰিস্থিতিত দুখীয়া আৰু আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে অপূৰ্ব কুমাৰ দাসে । এই কাৰ্যৰ বাবে তেওঁ প্ৰচুৰ প্ৰশংসনীয় হৈছে ।

অপূৰ্ব‌ই ফেচবুক পেজৰ জৰিয়তে ৰাজ্যৰ অনাথ শিশুসকলক সহায় কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । নগাঁৱৰ কামপুৰ তেতেলীসৰাৰ অপূৰ্বক ফেচবুক কৰ্তৃপক্ষই বিশেষ কৃতজ্ঞতাৰ চীনস্বৰূপে ‘ফেচবুক কমিউনিটী মেনেজাৰ’ৰ বাবে বিবেচনা কৰিছে ।

সমাজসেৱাৰ সমান্তৰালকৈ ‘অনুসূচীত জাতি মানচিত্ৰ’ নামে এটা ফেচবুক পেজৰ জৰিয়তে ৰাজ্যৰ ২০ সহস্ৰাধিক লোকৰ সহযোগত মুখ্যমন্ত্ৰী সাহায্য পূঁজিলৈও আৰ্থিক সহায় আগবঢ়াইছে । তেওঁ লগতে চিকিৎসাৰ ক্ষেত্ৰতো সহায় আগবঢ়াইছে ।

ফেচবুকে অপূৰ্বলৈ আগবঢ়োৱা এই স্বীকৃতিয়ে এতিয়া সকলোকে উৎফুল্লিত কৰিছে ।

Exit mobile version