Taliban Conditions: ‘পুৰুষৰ মনত বেয়া চিন্তা উদয় ‘,মহিলাসকলক দীঘল বুট পিন্ধাত নিষেধাজ্ঞা জাৰি তালিবানৰ

Women dont want to go to university or teach anymore

ক্ষমতালৈ অহাৰ পাছতেই মহিলাসকলৰ প্ৰতি তেওঁলোকৰ মনোভাৱ স্পষ্ট কৰিছিল তালিবানে । বাৰে বাৰে জনাইছিল,পূৰ্বৰ দৰে এইবাৰ কুপ্ৰথাৰ পুনৰাবৃত্তি নহ’ব। কিন্তু দিন যোৱাৰ লগে লগেই যেন পুনৰ কঠোৰ স্থিতিলৈ উভতি আহিছে আখুন্দজাদা-বাৰাদাৰৰ তালিবান।

শেহতীয়াকৈ, আফগানিস্তানৰ টেলিভিছন চেনেল টোলো নিউজৰ এখন আলোচনাচক্ৰত উপস্থিত হৈ তালিবানৰ মুখপাত্ৰগৰাকীয়ে স্পষ্টকৈ জনায় দিয়ে, মহিলাসকলৰ কি কি কৰণীয়।

এই সূত্ৰত আকৌ এবাৰ প্ৰকাশ পালে মহিলাৰ প্ৰতি তালিবানৰ মনোভাৱৰ এক আভাস । তালিবানৰ মুখপাত্ৰজনে মহিলাসকলৰ বাবে জনালে তিনিটা চৰ্ত ।

প্ৰথমতে, মহিলাৰ কাপোৰ যাতে আকৰ্ষণীয় নহ’য় । দ্বিতীয়তে, তেওঁলোকৰ শৰীৰৰ পৰা কোনো সুগন্ধ ওলাব নালাগিব । অৰ্থাৎ, ঘৰৰ পৰা ওলাই যাওঁতে তেওঁলোকে সুগন্ধিৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

তৃতীয়তে, মহিলাসকলক ‘দীঘল বুট’ পিন্ধিবলৈ নিষিদ্ধ কৰা হৈছে। কাৰণ বুটৰ টক টক শব্দই এজন পুৰুষৰ মনত বেয়া চিন্তাৰ উদয় হয় ।

কেৱল ফতোয়া জাৰিতেই অৱশ্যে তালিবান মুখপাত্ৰজনে বাধা দিয়া নাছিল। বিতংভাৱে তেও জনাইছে যে মহিলাসকলে বুট পিন্ধিলে পুৰুষৰ মনত কিমান বেয়া চিন্তাৰ উদ্ভৱ হয় ।

তালিবানৰ মুখপাত্ৰজনক টোলো নিউজত কোৱা শুনা যায়,”মহিলাসকলে বুট পিন্ধি খোজ কাঢ়ি থকাৰ শব্দ শুনিছে ? টক -টক শব্দৰ অৰ্থ কি? সেই শব্দটো প্ৰকৃততে এটা আহ্বান। মহিলাসকলে সেই শব্দ কৰি শুই থকা মানুহজনক কয়, ‘আমি পোছাক পিন্ধি ঘৰৰ পৰা ওলাই আহিছো, আৰু আপুনি এতিয়াও শুই আছে ! তেনেহলে আমাক চাব কোনে ?’ ।।

আছলতে , পুৰুষসকলক টোপনিৰ পৰা উঠাই মনত বিয়া চিন্তাৰ অনাৰ বাবেই এই বুটসমূহ তৈয়াৰ কৰা হয়।” গতিকে মহিলাসকলৰ বাবে বুট নিষিদ্ধ।

আনহাতে, ১৫ আগষ্টত কাবুল দখল কৰাৰ পাছত আফগানিস্তানত ৰাতিটোৰ ভিতৰতে বোৰ্খা, হিজাব, পাগুৰিৰ চাহিদা বৃদ্ধি পাইছিল। তেতিয়াৰ পৰা, তালিবানে এটাৰ পাছত এটা কৈ ফতোয়া জাৰি কৰি আহিছে।

Exit mobile version