Bhabanipur Bypoll Result : পশ্চিমবংগত বিধানসভা উপ-নিৰ্বাচনত বিপুল ভোটত জয়ী মমতা বেনাৰ্জী

mamatabanerjeewin 1633240553

পশ্চিমবংগত বিধানসভা উপ-নিৰ্বাচনত ৫৮ হেজাৰ ৮৩২ ভোটৰ ব্যৱধানত জয়ী মমতা বেনাৰ্জী ।

নিৰ্বাচনত জয়ী হৈ ভবানীপুৰবাসীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী মমতাই ।

ইয়াৰ পাছতেই চাৰি উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

শান্তিপুৰ, গোছাবা, দিনহাটা, খৰদহত উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষিত । শান্তিপুৰত উপ-নিৰ্বাচন প্ৰাৰ্থী ব্ৰজকিশোৰ গোস্বামী । বখৰদহত শোভনদেৱ চট্টোপাধ্যায় । দিনহাটাত উদয়ন গুহ । গোছাবাত বাপ্পাদিত্য নস্কৰ আৰু সুব্ৰত মণ্ডলৰ যিকোনো এজন প্ৰাৰ্থী হ’ব বুলি জনালে মমতাই ।

মুখ্যমন্ত্ৰী মমতাই কয়, ‘নন্দিগ্ৰামত চক্ৰান্ত হৈছিল । কিন্তু ভবানীপুৰে তাৰ উত্তৰ দিলে ।’ তেওঁ কয় যে, চক্ৰান্ত কৰি নন্দিগ্ৰামত পৰাজিত কৰিছিল । ভবানীপুৰে সেই চক্ৰান্তৰ প্ৰত্যুত্তৰ দিলে ।

তেওঁ লগতে কয় যে, নন্দিগ্ৰামৰ ঘটনা এই পৰ্যন্ত বিচাৰাধীন, সেয়ে তেওঁ এই বিষয়ত একো মতামত দিব বিচৰা নাই, বাংলাই কি বিচাৰে সেয়া ভবানীপুৰে স্পষ্ট কৰিলে ।

Exit mobile version