সুৰামত্ত ৰাজকন্যাৰ বাহনৰ খুন্দাত আহত যােচেফে দুয়ােখন ভৰি হেৰুৱালে

সন্ধ্যা আইন ভংগ কৰি দুপৰ নিশা সুৰামত্ত হৈ বাহন চলাই আঠজনকৈ শ্রমিকক খুন্দিয়াই আহত কৰা মডেল তথা ২০১৬ এফ এফ বি ফেমিনা মিছ ইণ্ডিয়া বিজয়ী ৰাজকন্যা বৰুৱাই একেদিনাই আদালতৰ পৰা জামিন লাভ কৰা ঘটনাত ৰাজ্যজুৰি অসম আৰক্ষী সমালােচনাৰ পাত্ৰ হৈছে।

ইয়াৰ পাছতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ উপ-পৰিদৰ্ক চাহিৰ আলী আৰু মহিলা উপ পৰিদৰ্শক আভাৰাণী গগৈ সোমাবাৰে ৰিজাৰ্ভ ক্ল’জ কৰে মহানগৰ আৰক্ষী আয়ুক্তালয়ে।

ঘটনাৰ সন্দৰ্ভত এই দুই বিষয়াই দুর্বল ধাৰা ৰুজু কৰি ৰাজকন্যাক জামিন লাভৰ সুযােগ দিয়াৰ অপৰাধত ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে বুলি শীৰ্য আৰক্ষী সূত্রই সদৰী কৰি আজি দুর্ঘটনা সংঘটিত ৰা যুৱতীগৰাকীক থানাত হাজিৰ হােৱাৰ নির্দেশ দিয়া হৈছে বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে যােৱা পহিলা অক্টোবৰৰ নিশা আঠজনকৈ শ্রমিকে ৰুক্মিণী গাঁৱৰ কালভার্টৰ সমীপত কৰ্মৰত অৱস্থাত আছিল আৰু সেই সময়তে সুৰাৰ ৰাগিত মাতাল হৈ বাহন চলাই অহা ৰাজকন্যাই শ্রমিককেইজন থকা বাণিজ্যিক বাহনখনত তীব্ৰ জোৰেৰে খুন্দা মাৰিছিল।

এই দুর্ঘটনাত যােচেফ নামৰ এজন শ্ৰমিকৰ সোঁভৰিখন দেহৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা শ্রমিকজনৰ বাওঁ ভৰিখনাে হেৰুৱাব লগা হয় বুলি সোমবাৰে চিকিৎসকে সদৰী কৰে আৰু দুয়ােখন ভৰি হেৰুৱাই পংগু হৈ পৰা যােচেফৰ এতিয়াও সংজ্ঞা ঘূৰি অহা নাই।

উল্লেখ্য যে নিশা মহানগৰীৰ বিলাসী হােটেল তাজ ভিভান্টাত পার্টি কৰি সুৰাৰ ৰাগিত মাতাল হৈ ৰাজকন্যাই দুর্ঘটনা সংঘটিত কৰাৰ পাছত আৰক্ষীক দুর্ব্যৱহাৰ কৰাৰাে অভিযােগ আছিল।

সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা যান-বাহন আৰক্ষীৰ উপ-পৰিদৰ্শক চাহিৰ আলীয়ে ঘটনাৰ সংক্ৰান্তত দিছপুৰ থানাত এক এজাহাৰ দাখিল কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৩৩৮/২৯৪/৩৫৩ ধাৰাৰ ৩৬১৬ নম্বৰত ৰুজু হােৱা গােচৰটোৰ তদন্তৰ দায়িত্ব আছিল মহিলা উপ-পৰিদৰ্শক আভাৰাণী গগৈ।

ঘটনাৰ সংক্ৰান্তৰ তদন্তকাৰী বিষয়াই ৰাজকন্যাক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰােৱাৰ পাছত ধৃত যুৱতীগৰাকীয়ে অতি সহজেই জামিন লাভ কৰিবলৈ সক্ষম হােৱাৰ পাছতে সর্বত্রে প্রতিক্রিয়া সৃষ্টি হয়।

এই সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া প্রকাশ কৰি জামিন পালে আৰক্ষীৰ দিগদাৰ আছে, দুই-এদিন চাওক’ বুলি মন্তব্য কৰাৰ পাছতে মহানগৰ আৰক্ষীয়ে উল্লেখিত দুই বিষয়াক ৰিজার্ভ ক্ল’জ কৰি ধৃত ৰাজকন্যা বৰুৱাক আজি থানাত হাজিৰ হ’বলৈ নির্দেশ দিছে।

ইফালে, সুৰাৰ গীত মাতাল হৈ বাহন চলাই দুর্ঘটনা সংঘটিত কৰা ৰাজকন্যাৰ বিৰুদ্ধে কঠোৰ ধাৰা কি কাৰণত লগােৱা হােৱা নাছিল এই সমগ্র ঘটনা সম্প্রতি ৰহস্যৰ আৱৰ্তত। ৰাজকন্যাৰ বিৰুদ্ধে সান্ধ্য আইন ভংগ, সুৰামত্ত হৈ বাহন চলােৱা, দুর্যোগ প্রশমন আইন ভংগ আদি গােচৰ কিয় ৰুজু কৰা হােৱা নাছিল, এই বিষয়ত মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াই পর্যবেক্ষণ অব্যাহত ৰাখিছে।

সমান্তৰালভাৱে সোমবাৰে চিকিৎসালয়ৰ পৰা সুস্থ হৈ ওভতা চাৰিজনকৈ শ্রমিকৰাে ভায্য সংগ্রহ কৰিছে দিছপুৰ আৰক্ষীয়ে। ৰাজকন্যাৰ বিৰুদ্ধে পৃথক গােচৰ ৰুজু কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে দুর্ঘটনা সংঘটিত কৰি ৰাজকন্যাই আৰক্ষীক ভাবুকি প্রদান কৰি ম’বাইলটো লগত থকা হ’লে এক মিনিটতে ওলাই গ’লহেঁতেন বুলিও মন্তব্য কৰিছিল। সেই শক্তিৰ বলতে বলীয়ান হৈ ৰাজকন্যা বৰুৱাই অতি সহজতে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল বুলি সর্বত্রে চর্চা চলিছে।

Exit mobile version