দুৰ্ঘটনাত আহতক চিকিৎসালয়লৈ নিলে লাভ কৰিব পুৰস্কাৰ

bh5lk67 car accident generic unsplash

পথ দুৰ্ঘটনাত আহত ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰালে লাভ কৰিব উপযুক্ত পুৰস্কাৰ । এই ঘোষণা কৰিলে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে । দুৰ্ঘটনাত গুৰুতৰভাৱে আহতক তৎকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা লোকক প্ৰতিবাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰদান কৰা হ’ব ৫,০০০ টকাৰ পুৰস্কাৰ ।

এখন আঁচনিৰ অধীনত এজন বা একাধিক ব্যক্তিক বছৰি সৰ্বাধিক পাঁচবাৰ ৫,০০০ টকাৰ পুৰস্কাৰ দিব জিলা প্ৰশাসনে । এই আঁচনিখন ২০১৬ বৰ্ষলৈকে বাহাল থাকিব । সাধাৰণতে পথ দুৰ্ঘটনাত আক্ৰান্ত ব্যক্তিক চিকিৎসালয়লৈ নিয়াৰ বাবে পথচাৰীয়ে গা এৰা মনোভাব প্ৰদৰ্শন কৰে । আক্ৰান্তক চিকিৎসালয়লৈ নিলে আৰক্ষীৰ জঞ্জালৰ সন্মুখীন হোৱাৰ ভয়তো বহু লোকে পথ দুৰ্ঘটনাত আহত ব্যক্তিক চিকিৎসালয়লৈ নিবলৈ নিবিচাৰে । এনে মনোভাবৰ ফলতে প্ৰতি বছৰে ভাৰতত যথেষ্ট সংখ্যক লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈ আহিছে ।

দুৰ্ঘটনাৰ এঘণ্টাৰ ভিতৰতে আহত ব্যক্তিক চিকিৎসাধীন কৰালে উক্ত ব্যক্তিৰ প্ৰাণৰক্ষাৰ বহু সম্ভাৱনা থাকে ।‌ সেয়েহে কেন্দ্ৰীয় পথ পৰিবহণ বিভাগে আহত ব্যক্তিক চিকিৎসালয়লৈ নিয়াৰ বাবে পথচাৰীসকলক উৎসাহিত কৰিবলৈ পুৰস্কাৰ প্ৰদানৰ বিশেষ আঁচনি গ্ৰহণ কৰিছে । প্ৰতিবাৰ সহায় কৰাৰ বাবদ ৫,০০০ টকাৰ পুৰস্কাৰ প্ৰদানৰো ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ।

Exit mobile version