Siren : আৰক্ষী-এম্বুলেন্সৰ চাইৰেনত বাজিব হৰ্ণৰ সলনি চেতাৰ-তবলা

red 650 012015085637

কেৱল সাধাৰণ গাড়ী বা দুচকীয়া যানবাহনতে নহয়, আৰক্ষীৰ গাড়ী, এম্বুলেন্সতাে অচিৰে চাইৰেনৰ পৰিৱর্তে বাজি উঠিব সুমধুৰ সংগীতৰ সুৰ।

কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে অলপতে নাছিকত এক ৰাষ্ট্ৰীয় ঘাইপথ মুকলি অনুষ্ঠানত অংশ লােৱাৰ সময়ত এইদৰে ঘােষণা কৰে।

এম্বুলেন্স,পুলিচৰ গাড়ী, হুটাৰ ইত্যাদিত বর্তমানে চাইৰেন ব্যৱহাৰ কৰা হৈছে। কিন্তু অচিৰে এনে কর্কশ শব্দৰ পৰিৱর্তে চাইৰেন হিচাপে বাজি উঠিব নির্দিষ্ট সুমধুৰ সংগীত।

ৰাষ্ট্ৰীয় ঘাইপথ মুকলিৰ অনুষ্ঠানত অংশ লৈ কেন্দ্রীয় মন্ত্রীজনে কয়, ‘কনভয় যােৱাৰ সময়ত কর্কশ শব্দ অতি বিৰক্তিকৰ। এনে চাইৰেনৰ পৰিৱর্তে সুৰীয়া চাইৰেন বজালে শব্দ প্ৰদূষণ বহুখিনি হ্রাস পাব ।’

উল্লেখ্য যে কিছুদিন পূর্বে গাডকাৰীয়ে ঘােষণা কৰি কৈছিল যে অচিৰে ভাৰতত গাড়ীৰ হৰ্ণ হিচাপে কর্কশ শব্দৰ পৰিৱর্তে সুমধুৰ বাদ্য সংগীত ব্যৱহাৰ কৰা হ’ব।

Exit mobile version