Rajkanya Baruah : শাসকীয় বিধায়েকৰ হেঁচাত আইনৰ সুৰুঙা উলিয়াই দিছিল আৰক্ষীয়ে

মেডিকেল ব'ৰ্ডে নাপালে আইচিইউত চিকিৎসাধীন হোৱাৰ কাৰণ

baruah

সুৰামত্ত হৈ বাহন চলাই আঠজনকৈ শ্ৰমিকক মহটিয়াই নিয়া বহুচৰ্চিত মডেল ৰাজকন্যা বৰুৱাক অৱশেষত আজি গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে । অসুস্থতাৰ অজুহাত দি থানাত হাজিৰ নোহোৱা বৰুৱাই জিএন‌আৰচিৰ হাস্পতালৰ আইচিইউত ভৰ্তি হৈ থকাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে মহানগৰ আৰক্ষীয়ে গঠন কৰা মেডিকেল ব’ৰ্ডে কালি তেওঁ চিকিৎসাধীন হৈ থকাৰ কোনো কাৰণ নাই বুলি প্ৰতিবেদন দাখিল কৰাৰ পাছতে মডেলগৰাকীক দিছপুৰ আৰক্ষীয়ে দুপৰীয়া গ্ৰেপ্তাৰ কৰে ।

তাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত স্বাস্থ্য পৰীক্ষা কৰোৱাই তেওঁক সোধ-পোছ অব্যাহত ৰাখে । তেওঁৰ বিৰুদ্ধে ঘটনাৰ পাছত ৰুজু কৰা গোচৰত ভাৰতীয় দণ্ড বিধিৰ ৩০৮/৩২৬ ধাৰা সংযোজন আৰু নতুন গোচৰৰ ভিত্তিতে কালি দিছপুৰ আৰক্ষীয়ে ৰাজকন্যাক জিএন‌আৰচি হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰাব আৰু তেওঁক সাত দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে ।

ইফালে, কালি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তো ৰাজকন্যাই জোৰ জুলুমকৈ আইচিইউৰ পৰা আৰক্ষীয়ে চিকিৎসাৰ বাবে উলিয়াই অনা বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰে । ৰাজকন্যাই থানাৰ চৌহদত তেওঁৰ হাতত ম’বাইল ফোনটো থকা হ’লে এটা ফোনকলতে ওলাই যাব পাৰিলেহেঁতেন বুলি দম্ভালি মাৰে । পাছত অৱশ্যে যুৱতীগৰাকীৰ মাতৃয়ে এয়া অধিবক্তাক উদ্দেশ্য কৰি কৈছিল বুলি কয় । ইয়াৰ উপৰি ৰাজকন্যা ২০১৭ৰ পৰা মানসিকভাৱে সুস্থ নহয় বুলি মাতৃয়ে উল্লেখ কৰে ।

উল্লেখ্য যে সান্ধ্য আইন ভংগ কৰি দুপৰ নিশা সুৰামত্ত হৈ বাহন চলাই আঠজনকৈ শ্ৰমিকক খুন্দা মাৰি আহত কৰা যুৱতীগৰাকীয়ে এক দিনাই জামিন লাভ কৰাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু অসম আৰক্ষী ব্যাপক সমালোচনাৰ সন্মুখীন হয় । ইয়াৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্তালয়ে দিছপুৰ আৰক্ষীৰ দুজনকৈ বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰি দুৰ্ঘটনা সংঘটিত কৰা যুৱতীগৰাকীক মঙলবাৰে থানাত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল যদিও অসুস্থতাৰ অজুহাত দি পৰিয়ালে হাজিৰ হ’বলৈ ১৪ দিনৰ সময় বিচাৰিছিল ।

ইয়াৰ পাছতে আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চিকিৎসকক লৈ এখন মেডিকেল ব’ৰ্ড গঠন কৰি দিয়ে । এই ব’ৰ্ডে কালি জিএন‌আৰচি হাস্পতালত ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁক আইচিইউত ভৰ্তি হৈ থকা বা চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ কোনো কাৰণ নাই বুলি প্ৰতিবেদন দাখিল কৰে । ইয়াৰ পাছতে আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে এই সমগ্ৰ বিষয়ত জিএন‌আৰচি হাস্পতাল কৰ্তৃপক্ষ‌ও তদন্তৰ আওতালৈ আহিব বুলি মহানগৰ আৰক্ষীৰ আয়ুক্ত হৰমিত সিঙে সদৰী কৰিছে । ঘটনাৰ সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াজনে কয়, ‘তেওঁক তদন্তৰ বাবে থানালৈ আহিবলৈ জাননী দিয়া হৈছিল । মাতৃয়ে যুৱতীগৰাকীৰ স্বাস্থ্য ভাল নহয় আৰু আইচিইউত ভৰ্তি হৈ থকা বাবে দুসপ্তাহ তদন্তত সহযোগিতা কৰিব নোৱাৰিব বুলি জনালে । এই সন্দৰ্ভত আমি এখন মেডিকেল ব’ৰ্ড গঠন কৰিছিলো আৰু সেই ব’ৰ্ডে তেওঁ সুস্থ বুলি প্ৰতিবেদন দিলে ।’ সমান্তৰালভাৱে ৰাজকন্যাৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈ থকা গোচৰত ৩০৮/৩২৬ দুটা ধাৰাত সংযোজন কৰা হৈছে বুলি আৰক্ষী আয়ুক্তজনে সদৰী কৰি তেওঁৰ বিৰুদ্ধে নতুন গোচৰো ৰুজু কৰা হৈছে বুলি কয় ।

ৰাজকন্যাক গ্ৰেপ্তাৰ কৰাৰ পাছতে দিছপুৰত জোকাৰণি

বহু প্ৰভাৱশালী ব্যক্তিৰে ঘনিষ্ঠ ৰাজকন্যাক গ্ৰেপ্তাৰৰ পাছতে দিছপুৰত জোকাৰণিৰ সৃষ্টি হৈছে । কোনো মন্ত্ৰী বিধায়কৰ হেঁচাত দিছপুৰ আৰক্ষীয়ে ৰাজকন্যাক মুকলি আকাশৰ তললৈ আহিবলৈ সুযোগ প্ৰদান কৰিছিল তাক লৈ সৰব চৰ্চা অব্যাহত আছে । চৰ্চিত খবৰ অনুসৰি, শাসকীয় দলৰ এজন বিধায়কৰ হেঁচাতে দিছপুৰ আৰক্ষীয়ে গোচৰটোত কঠোৰ ধাৰা বলৱৎ কৰা নাছিল । এই বিধায়কজনে এজন শীৰ্ষ আৰক্ষীৰ বিষয়ালৈ ফোন কৰি তাৰ বাবে হেঁচা প্ৰয়োগ কৰে । সেই শীৰ্ষ আৰক্ষী বিষয়াজনে সংশ্লিষ্ট আৰক্ষী বিষয়াক ফোন কৰি গোচৰটোৰ স্থিতি যিমান পাৰে কৰিবলৈ নিৰ্দেশ দিছিল; কিন্তু ৰিজাৰ্ভ ক্ল’জ কৰা এই দুই বিষয়াকে অভিযুক্ত কৰি আৰক্ষী আয়ুক্তালয়ে সমগ্ৰ ঘটনাটোৰ পৰা এৰাই চলিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

সম্প্ৰতি ৰাজকন্যাক অসুস্থ বুলি চিকিৎসা প্ৰদান কৰি থকা হাস্পতালখন তদন্তৰ আওতালৈ আহিব বুলি আৰক্ষী আয়ুক্তই স্পষ্ট কৰিলেও সেই বিধায়ক, শীৰ্ষ আৰক্ষী বিষয়া তদন্তৰ আওতালৈ আহিব নে নাই সাম্প্ৰতিক সময়ত ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন । ইফালে, শাসকীয় দলৰ বিধায়কজনৰ উপৰি বিলাসী হোটেলত আপ্যায়নৰ দায়িত্বত থকা ৰাজকন্যাৰ লগত ৰাজ্য চৰকাৰৰ এজন মন্ত্ৰীৰো অতি ঘনিষ্ঠ বুলি ব্যাপক চৰ্চা চলিছে ।

Exit mobile version