Water Crisis : ২৯ বছৰৰ পাছত ৫০০ কোটিয়ে নাপাব পানী : ৰাষ্ট্ৰসংঘ

india weather drought 220e4774 1832 11e6 976e c52fa8d2ca82

২৯ বছৰৰ পাছত ভাৰতসহ বিশ্বৰ বিভিন্ন দেশৰ পাঁচশ কোটি মানুহে এটোপাল পানীৰ বাবেও হাহাকাৰ কৰিব লাগিব । ২০৫০ত এই অৱস্থাৰ সৃষ্টি হ’ব । গোলকীয় উষ্ণতাৰ বাবেই এই সমস্যাৰ সৃষ্টি হ’ব গৈ আছে ।

ৰাষ্ট্ৰসংঘৰ অধীনস্থ ‘ৱর্ল্ড মেটিৰিউলজিকেল অর্গেনাইজেচন (ডব্লিউএম‌অ’)’-ৰ সাম্প্রতিক প্ৰতিবেদনত এই সকীয়নি দিয়া হৈছে । প্ৰতিবেদনৰ শিৰোনাম- ‘দ্য ষ্টেট অৱ ক্লাইমেট ছার্ভিচেছ ২০২১ : ৱাটাৰ’ । এই সমস্যাৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি তাক লৈ জলবায়ু পৰিৱর্তন সংক্রান্ত আসন্ন বিশ্ব সন্মিলনত ৰাষ্ট্রনেতাসকলে আলোচনা কৰাৰো আবেদন জনাইছে প্ৰতিবেদনত । ৰাষ্ট্ৰসংঘৰ সেই ‘চিঅ’পি-২৬’ শীর্ষক শীর্ষ সন্মিলন অনুষ্ঠিত হ’ব গ্লাছ্গ’ত । ৩১ অক্টোবৰৰ পৰা ১২ নৱেম্বৰ পর্যন্ত ।

প্ৰতিবেদনত জনাইছে, গোলকীয় উষ্ণতাৰ প্ৰকোপত দ্রুত হাৰত জলবায়ু পৰিৱর্তন হোৱাৰ বাবে পৃথিৱীৰ জলস্তৰ উদ্বেগজনকভাৱে তললৈ নামিবলৈ আৰম্ভ কৰিছে । বিগত ২০ বছৰত এই বিষয়টো দৃষ্টিগোচৰ হৈছে । ভূ-পৃষ্ঠ, ভূ-পৃষ্ঠৰ ঠিক তলৰ স্তৰ, বৰফ আৰু তুষাৰত জমা হৈ থকা পানীৰ স্তৰ বিগত দুই দশকত যি হাৰত কমিছে সেয়া আগতে কেতিয়াও হোৱা নাছিল । বিগত ২০ বছৰত এই জলস্তৰ প্ৰতি বছৰে এক চেন্টিমিটাৰৰ তললৈ নামি আছে । এই বিষয়টোৰ উমান ২০১৮তেই বিশ্বৰ ৩৬০ কোটি মানুহে পাইছিল । সেই বছৰ সেই সকল লোকে এমাহ অকণো পানী পোৱা নাছিল ।

প্ৰতিবেদনত কোৱা হৈছে যে পৰিস্থিতি চম্ভালি ল’বলৈ বিভিন্ন দেশে অবিলম্বে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে ২০৫০ত এটোপাল পানীও নাপাব ভাৰতসহ বিশ্বৰ ৫০০ কোটিৰো অধিক মানুহে । চৰম পানীৰ সংকটে দেখা দিব উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম অংশত, ভূমধ্যসাগৰ, উত্তৰ আৰু দক্ষিণ আফ্রিকা, মধ্যপ্রাচ্য, মধ্য এছিয়া, পূৱ এছিয়া আৰু দক্ষিণ এছিয়াত । চৰম পানী অভাৱত ভুগিব দক্ষিণ-পূৱ অষ্ট্ৰেলিয়াও।

ডব্লিউএ‌মঅ’-ৰ মুৰব্বী পেট্টেৰী তালাছে কয়, জলস্তৰৰ এই অধোগতি সবাতোকৈ বেছি হৈছে এন্টার্কটিকা আৰু গ্রিণলেণ্ডত । বি‌শ্বৰ বিভিন্ন প্রান্তত জনসংখ্যাৰ বেছি ঘনত্বৰ অঞ্চলবোৰত জলস্তৰৰ এই অধোগতিয়ে যথেষ্ট উদ্বেগৰ কাৰণ হৈ দেখা দিছে । পৃথিৱীৰ মুঠ সঞ্চিত পানীৰ মাত্র ০.৫ শতাংশহে ব্যৱহাৰযোগ্য সেয়ে ই অধিক চিন্তনীয় বিষয় হৈ পৰিছে । বাকীখিনি ব্যৱহাৰ কৰাটো একেবাৰে সম্ভৱ নহয় । কাৰণ সেই পনী অনেক গভীৰত আছে ।

ডব্লিউএমঅ’-ৰ প্ৰতিবেদনত এইটোও জনোৱা হয় যে, বিগত ২০ বছৰত বানজনিত প্রাকৃতিক বিপৰ্যয়ৰ ঘটনা আগৰ দুটা দশকৰ তুলনাত ১৩৪ শতাংশ বৃদ্ধি পাইছে ।

ডব্লিউএমঅ’-ৰ মুৰব্বীজনে লগতে কয়, ‘‘দ্রুত হাৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বিগত ২০ বছৰত বায়ুমণ্ডলৰ আর্দ্রতা আগৰ দুটা দশকৰ তুলনাত সাত শতাংশ বৃদ্ধি পাইছে । বানপানীত মৃত্যু আৰু অর্থনৈতিক ক্ষয়ক্ষতি সবাটোকৈ বেছি হৈছে এছিয়াত । ইয়াত বানৰ আগতীয়া সতর্কতা জাৰিৰ ব্যৱস্থাক আৰু তীব্ৰ কৰি তোলাৰ ব্যৱস্থা অবিলম্বে গ্ৰহণ কৰিব লাগিব সংশ্লিষ্ট দেশসমূহে ।’’

ডব্লিউএমঅ’-ৰ সাম্প্রতিক প্ৰতিবেদনে লগতে জনাইছে, খৰাৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছিল বা হৈছে, আফ্রিকাৰ দেশসমূহ ।

এই সন্দৰ্ভত পট্টেৰিয়ে কয়, ‘‘সকলো ৰাষ্ট্রনেতাই কৈছে যে এইবাৰ কিবা এটা হ’লেও কৰিব লাগিব, যাতে গোলকীয় উষ্ণতা আৰু নাবাঢ়ে । কিন্তু সেই কামবোৰ আজি নকৰি কাইলৈ কৰিম বুলি পেলাই থ’লে নহ’ব । অনচিপলমে সমাপন কৰিব লাগিব । এই প্ৰক্ৰিয়াটোৱেই আজি পৰ্যন্ত বহু দেশত আৰম্ভ‌ই হোৱা নাই ।’’

Exit mobile version