নিচাত মতলীয়া কৈশোৰ ! গোচৰৰ সংখ্যা ২৯৮ শতাংশ বৃদ্ধি

ডেৰ কোটি কিশোৰ-কিশোৰী বিভিন্ন ড্ৰাগছ-সুৰাৰ নিচাত আসক্ত

myths about drugs 1200x675 1

মুম্বাইৰ প্ৰমোদতৰীত ড্ৰাগছ সেৱনৰ অভিযোগত নাৰ্ক’টিক্স কণ্ট্ৰোল ব্যুৰ’ৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ন খানসহ একাধিক । তেওঁলোকৰ পৰা জব্দ কৰা হৈছে ২১ গ্ৰাম চৰছ, ১৩ গ্ৰাম ক’কেইন, ২২টা এমডিএম‌এ বড়ি । ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰশ্ন‌ই গা কৰি উঠিছে – দেশৰ তৰুণ প্ৰজন্ম‌ই বাৰু ড্ৰাগছ-সুৰাৰ বানত উটি-ভাহি গৈছে নেকি ? নেচনেল ক্ৰাইম ৰেকৰ্ড্‌ছ ব্যুৰ’ৰ প্ৰতিবেদন অনুসৰি, বিগত দুটা দশকৰ ড্ৰাগছ সম্পৰ্কীয় অভিযোগ দাখিলৰ পৰিমাণ বৃদ্ধি পাইছে ২৯৮ শতাংশলৈ । যি পৰিসংখ্যা আচৰিত হোৱাৰ বাবে যথেষ্ট । এই ভয়াৱহ বৃদ্ধিয়েই ইংগিত কৰিছে দেশত ড্ৰাগছৰ বেহা কিমান ৰমৰমীয়াকৈ চলি আহিছে ।

অসমতো যে এনে ড্ৰাগছে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেয়া বিগত কিছু মাহতে স্পষ্ট হৈ পৰিছে । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ লগে লগে পোহৰলৈ আহিছে ৰাজ্যখনত এই নিষিদ্ধ দ্ৰব্য প্ৰচলনৰ উদ্বেগজনক তথ্য । যাৰ কবলত পৰা সকলৰ গৰিষ্ঠসংখ্যকেই তৰুণ প্ৰজন্মৰ ।

২০২০ত বিজেপিৰ সাংসদ ৰাজীৱ প্ৰতাপ ৰুডিৰ এক প্ৰশ্নৰ উত্তৰত তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী ৰতনলাল কাটাৰিয়াই এক উদ্বেগজনক তথ্য সদৰী কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰীজনে লোকসভাত জনায় যে সেই মুহূৰ্তত দেশৰ এক কোটি ৪৪ লাখ ১৮ বছৰ অনূৰ্ধ্বৰ কিশোৰ-কিশোৰী কোনো নহয় কোনো ড্ৰাগছ অথবা সুৰাৰ আসক্ত । মন্ত্ৰীজনে সদৰী কৰা পৰিসংখ্যা অনুসৰি, ২০২০ত ৪০ লাখ কিশোৰ-কিশোৰী আফিং জাতীয় নিচাত আসক্ত আছিল । আনহাতে, ১৮ বছৰৰ পৰা ৭৫ বছৰ বয়সৰ ভিতৰত আফিং জাতীয় নিচাত আসক্ত লোকৰ সংখ্যা হৈছে এক কোটি ৯০ লাখ । ইনহেলেণ্ট বা নাকেৰে শুঙা নিচাত আসক্তসকলৰ সংখ্যা ১৮ বছৰ অনূৰ্ধ্বসকলৰ ভিতৰত প্ৰায় ৩০ লাখ । ১৮ৰ পৰা ৭৫ বছৰৰ বয়সীয়ালসকলৰ ভিতৰত এই সংখ্যা ৬০ লাখ ।

ছেডেটিভ বা টোপনি অহা ঔষধ জাতীয় নিচাত আসক্ত ১৮ বছৰ অনূৰ্ধ্বৰ ২০ লাখ কিশোৰ-কিশোৰী । ১৮ৰ পৰা ৭৫ বছৰ বয়সৰ এক কোটি ১০ লাখ লোকে ছেডেটিভ গ্ৰহণ কৰে । কেনেবিজ বা গাঞ্জা জাতীয় ড্ৰাগছত আসক্ত ১৮ বছৰ অনূৰ্ধ্ব কিশোৰ-কিশোৰীৰ সংখ্যা হৈছে ২০ লাখ । ১৮ৰ পৰা ৭৫ বছৰ বয়সীয়া লোকৰ মাজত এই সংখ্যা হৈছে দুই কোটি ৯০ লাখ । হেল্যুচিন’জেন বা বিভ্ৰম সৃষ্টিকাৰী ড্ৰাগছত আসক্ত ১৮ বছৰ অনূৰ্ধ্বৰ দুই লাখ । ১৮ৰ পৰা ৭৫ বছৰ বয়সৰ ভিতৰত ২০ লাখে এই মাদক ব্যৱহাৰ কৰে ।

আনহাতে, ক’কেইন সেৱন কৰা ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ সংখ্যা দুই লাখ । ইয়াৰ বিপৰীতে ১৮ বছৰৰ ঊৰ্ধ্বৰ ১০ লাখ লোক ক’কেইনত আসক্ত । ইয়াৰ উপৰি আছে সুৰাৰ নিচা । লোকসভাত দাখিল কৰা প্ৰতিবেদনতে কোৱা হৈছে যে দেশত কমেও ৩০ লাখ ১৮ বছৰ অনূৰ্ধ্বৰ কিশোৰ-কিশোৰী সুৰাৰ নিচাত আসক্ত । আনহাতে, ১৮ বছৰৰ ঊৰ্ধ্বৰ ১৫ কোটি ১০ লাখ লোক সুৰাত আসক্ত ।

বিশেষজ্ঞৰ মতে, বিগত দুটা দশকত বিভিন্ন নিচাসক্তৰ পৰিমাণ দ্ৰুতহাৰত বৃদ্ধি পাইছে । এক পৰিসংখ্যা অনুসৰি, বিগত দুটা দশকত নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইক’ট্ৰ’পিক ছাব্‌ছষ্টেন্সেছ (এনডিপিএছ) আইনত অভিযোগ দাখিলৰ পৰিমাণ বৃদ্ধি পাইছে প্ৰায় ২৯৮ শতাংশ । ১৮ বছৰ অনূৰ্ধ্বসকলৰ ভিতৰত ইয়াৰ বৃদ্ধিও দুগুণৰ অধিক । বিশেষজ্ঞৰ মতে, প্ৰকৃত সংখ্যাটো আৰু বেছি । কাৰণ বিভিন্ন সময়ত ড্ৰাগছ সেৱনৰ ঘটনাৰ অভিযোগ নথিভুক্ত‌ই নহয় । ২০২০ত লোকসভাত দাখিল কৰা পৰিসংখ্যা অনুসৰি, ১৮ বছৰৰ অনূৰ্ধ্বসকলৰ ভিতৰত দেশত সবাতোকৈ বেছি ব্যৱহাৰ আফিংজাতীয় ড্ৰাগছৰ । এই জাতীয় ড্ৰাগছৰ ভিতৰত পৰে আফিং, মৰফিন, হেৰ’ইন, স্মেক আদি ।

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে অতিমাৰীৰ সময়ত অৰ্থাৎ ২০২০ত এনডিপিএছ আইনত ধৃত লোকৰ সংখ্যা ২১ শতাংশ বৃদ্ধি পাই ২৬৪ জন হৈছে । ২০১৫ত এই সংখ্যা আছিল ১২৩জন আৰু ২০১০ত মাত্ৰ ৮২জন লোকক এই আইনত গ্ৰেপ্তাৰ কৰা হৈছিল ।

Exit mobile version